তেজপুৰ, 12 জুন : ঠেলামৰা দৈনিক বজাৰৰ ব্যৱসায়ী সমাজে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ ৷ পথৰ দাঁতিতে ব্যৱসায়ী সমাজে নিৰ্মাণ কৰি তুলিছে 'ক্লথ বেংক' ৷ এই বেংকটোত কোনোলোকে ইচ্ছা কৰিলে তেওঁলোকে ব্যৱহাৰ নকৰা পুৰণি কাপোৰসমূহ জমা কৰিব পাৰে ৷ সেই পুৰণি কাপোৰসমূহ প্ৰয়োজন থকা লোকে বিনামূলীয়াকৈ নিজৰ বাবে লৈ যাব পাৰে ৷ ইতিমধ্যে ক্লথ বেংকটোত বহুলোকে কাপোৰ দান কৰা বুলি জানিবলৈ পোৱা গৈছে ৷
ঠেলামৰাৰ ব্যৱসায়ীসকলৰ এই পদক্ষেপক বিভিন্নজনে শলাগ লোৱা পৰিলক্ষিত হৈছে ৷ পূৰ্বতে এনেধৰণৰ ব্যৱস্থা ৰাজ্যত দেখা পোৱা হোৱা নাই অৰ্থাৎ এই প্ৰচেষ্টা অসমৰ ভিতৰতে প্ৰথম বুলি বহুতেই ক’ব বিচাৰে । ঠেলামৰা ঘাইপথৰ ব্যৱসায়ী সন্থা আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ হোৱা এই 'ক্লথ বেংক' লৈ জনসাধাৰণক সহায়-সহযোগিতা আগবঢ়োৱ লগতে অপ্ৰয়োজনীয় কাপোৰ ক্লথ বেংকত জমা দিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে ।
উল্লেখ্য যে, অকল কাপোৰেই নহয় ,জোতাৰ লগতে অন্যান্য সামগ্ৰীসমূহো জমা কৰিব পাৰিব এই ক্লথ বেংকত । জিলা প্ৰশাসন তথা ঠেলামৰা ব্যৱসায়ীসকলৰ উদ্যোগত জানুৱাৰী মাহত আৰম্ভ হোৱা এই বস্ত্ৰ বেংকে সম্প্ৰতি বহুলভাৱে প্ৰসাৰ লাভ কৰিছে বুলি জানিবলৈ পৰা গৈছে । বহুসময়ত কাৰোবাক দান কৰিবলৈও সুবিধা লাভ নকৰাৰ ফলত পোচাকসমূহ পেলাই দিয়ে অথবা অন্য কামত ব্যৱহাৰ কৰা দেখা যায় একাংশ লোকক ৷