চতিয়া, 8 ছেপ্টেম্বৰ : নৃশংস ! অমানৱীয় ! কিমান নিষ্ঠুৰ তথা কঠোৰ হ’লে এজন পিতৃয়ে হত্যা কৰিব পাৰে নিজ সন্তানক ? শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে চতিয়াৰ জামুগুৰিহাটৰ নিকটৱৰ্তী দিকৰাই চাহ বাগিছাৰ গেলা হাটিঙাৰ আঠ নম্বৰ বস্তিত ৷ ১০ মহীয়া কন্যা সন্তানটিকো উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰিলে এগৰাকী নিষ্ঠুৰ পিতৃয়ে (Murder in Sootea) ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে পুৱাৰ ভাগত মুকেশ গড়ে নামৰ লোকজনে পত্নী অঞ্জনা চাওৰাৰ সৈতে কোনো ঘৰুৱা কথাত কাজিয়াত লিপ্ত হৈছিল ৷ পৰৱৰ্তী সময়ত এই কাজিয়াই ধাৰণ কৰে ভয়ংকৰ ৰূপ ৷ পাষাণ হৃদয়ৰ স্বামী মুকেশ গড়েই প্ৰথমে পত্নী অঞ্জনা চাওৰাক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷ কেৱল পত্নী আক্ৰমণ কৰিয়ে ক্ষান্ত নাথাকিল মুকেশ ৷ কিয়নো মুকেশৰ আক্ৰমণৰ পৰা বাছি নগ’ল ১০ মহীয়া কন্যা সন্তানটিও ৷ পত্নীসহ ১০ মহীয়া কন্যা সন্তানটিক উপৰ্যুপৰি আক্ৰমণ কৰে মুকেশে ৷ ফলত থিতাতে নিহত হয় কণমানিটি (Father killed Daughter in Sootea) ৷