তেজপুৰ, ৯ নৱেম্বৰ : শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় মেডিকেল সংস্থা, তেজপুৰৰ প্ৰেক্ষাগৃহত (IMA House Tezpur) পৰিয়াল পৰিকল্পনাৰ বিকাশৰ লগত সংগতি ৰাখি বিশেষ পৰিয়াল পৰিকল্পনা মাহ আৰু পুৰুষ বন্ধ্যাকৰণ পষেকৰ শুভাৰম্ভণি কৰা হয় (Family Planning Month and Male Sterilisation Fortnight) ৷
অনুষ্ঠানত বিভিন্ন পৰিয়াল পৰিকল্পনাৰ পদ্ধতিৰ বিষয়ে আলোচনা, পৰিয়াল পৰিকল্পনাৰ (Family Planning) বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিতং কাৰ্যব্যৱস্থাৰ আলোচনা কৰাৰ লগতে আলোকপাত কৰা হয় ৷ এই পষেকত প্ৰায় ৩৫০ গৰাকী মহিলা বন্ধ্যাকৰণ (Female sterilisation), প্ৰায় ১২০ গৰাকী পুৰুষ বন্ধ্যাকৰণৰ লগতে পৰিয়াল পৰিকল্পনাৰ পদ্ধতিসমূহ অবলম্বনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব ৷
পুৰুষ বন্ধ্যাকৰণৰ (Male sterilisation) বাবে হিতাধিকাৰীক ৩০০০ হাজাৰ টকাৰ মাননী প্ৰদান কৰাৰ লগতে মহিলা বন্ধ্যাকৰণৰ হিতাধীকাৰীয়ে ২০০০-ৰ পৰা ৩০০০ হাজাৰ টকা পৰ্যন্ত মাননী লাভ কৰিব ৷ লগতে পুৰুষ-মহিলাৰ বন্ধ্যাকৰণৰ উদগনিমূলক মাননী হিচাপে ৩০০-ৰ পৰা ৪০০ টকা লাভ কৰিব ৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন স্বাস্থ্যকৰ্মীসকলে বিগত দিনত পৰিয়াল পৰিকল্পনাৰ বিভিন্ন কাৰ্যপন্থাৰ বাবে আগবঢ়োৱা অৰিহণাৰ বাবে তেওঁলোকক সম্বৰ্ধনা জনেৱা হয় ৷