ৰঙাপৰা, 6 অক্টোবৰ:চাৰিদুৱাৰৰ চেঙেলীমাৰীত প্ৰাক্তন এনডিএফবিৰ প্ৰতিবাদ ৷ বড়ো শান্তি চুক্তি অনুসৰি, মূলসূঁতিলৈ উভতি অহা এনডিএফবিৰ সদস্যসকলক চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লগতে সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছিল যদিও সেইয়া আজি পৰ্যান্ত ফলপ্ৰসূ হৈ নুঠিল বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷
চাৰিদুৱাৰত প্ৰাক্তন এনডিএফবিৰ প্ৰতিবাদ - protest in sariduwar
প্ৰাক্তন এনডিএফবিৰ লোকসকলক চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ অতি শীঘ্ৰেই পূৰণ কৰাৰ দাবীৰে মঙলবাৰে চাৰিদুৱাৰৰ চেঙেলীমাৰীত প্ৰাক্তন এনডিএফবি সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
চাৰিদুৱাৰত প্ৰাক্তন এনডিএফবিৰ প্ৰতিবাদ
চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি, শ্বহীদ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা, এনডিএফবিৰ সদস্যসকলৰ বিৰুদ্ধে বিভিন্ন থানাত যিবোৰ গোচৰ আছে সেইবোৰ উঠাই লোৱাকে ধৰি এনডিএফবিৰ প্ৰধান ৰঞ্জন দৈমাৰীক অতি শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্তক তেওঁলোকে দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷
লগতে পঢ়ক:কাজলগাঁৱত গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ