তেজপুৰ,3 চেপ্তেম্বৰ: পূৰ্বৰ একাংশ উগ্ৰপন্থী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰি বৰ্তমান ঘূৰি আহিছে মূলসূঁতিলৈ ৷ বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী তামুলপুৰৰ একাংশ এনে যুৱক বৰ্তমান ব্যস্ত স্বাৱলম্বী হোৱাৰ আখৰাত ৷ যুৱক কেইগৰাকীয়ে সম্প্ৰতি ভাৰতীয় সেনাৰ অপাৰেচন সদ্ভাৱনাৰ অধীনত পুনেৰ অসীম ফাউণ্ডেচনৰ সহযোগিতাত জৈৱিক পদ্ধতিৰে তামোলৰ ঢকুৱাৰে থালী, কাঁহী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ সমাপ্ত কৰি ব্যস্ত হৈ পৰিছে নিৰ্মাণ কাৰ্যত ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰ এই প্ৰদূষণমুক্ত থালী বা কাঁহী খাদ্য পৰিৱেশনৰ বাবে উপযোগী ৷
প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সদস্য এতিয়া উদ্যোগী
ভাৰতীয় সেনাৰ অপাৰেচন সদ্ভাৱনাৰ অধীনত পুনেৰ অসীম ফাউণ্ডেচনৰ সহযোগিতাত জৈৱিক পদ্ধতিৰে তামোলৰ ঢকুৱাৰে থালী,কাঁহী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ সমাপ্ত কৰি নিৰ্মাণত ব্যস্ত একাংশ প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সদস্য ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰ এই প্ৰদূষণমুক্ত থালী বা কাঁহী খাদ্য পৰিৱেশনৰ বাবে উপযোগী ৷
এই আঁচনিৰ লক্ষ্য-উদ্দেশ্য হৈছে আৰ্থিক দিশ টনকিয়াল কৰি আত্মনির্ভৰশীল হোৱা ৷ এই অভিযানৰ অংশ হ’বলৈ পাই সাগৰ আৰু ৰোহণ ছেত্ৰী নামৰ দুগৰাকী যুৱক সম্প্ৰতি সুখী বুলি ব্যক্ত কৰে তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই ৷ লগতে পূৰ্বতে উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থকাৰ বাবে অনুতপ্ত বুলিও প্ৰকাশ কৰে যুৱক দুগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত এই উদ্যোগৰ পৰিসৰ বৃদ্ধি কৰিবলৈ অতিৰিক্তভাৱে যন্ত্ৰৰো যোগান ধৰিব অসীম ফাউণ্ডেচনে ৷ তদুপৰি নিজৰ ব্যৱসায় মহাৰাষ্ট্ৰ আৰু অসমত প্ৰসাৰ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিব কোম্পানীটোৱে ৷
লগতে চাওকঃউত্তৰ গুৱাহাটীত জব্দ 10 লাখ টকা মূল্যৰ বিদেশী চিগাৰেট