অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ কলিয়াভোমোৰাত পোহৰ যোগানৰ নিৰ্দেশ উপায়ুক্তৰ - ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

বিগত 10 ফেব্ৰুৱাৰীত ইটিভি ভাৰতত প্ৰকাশিত বাতৰিৰ পিছতেই শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে কলিয়াভোমোৰা দলঙখনৰ মাজত থকা নিয়ন লাইট সমূহ পুনৰ সংস্থাপন আৰু ব্যৱহাৰৰ উপযোগী কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশনা জাৰি কৰিছে ৷ বিষয়টো সন্দৰ্ভত ইতিমধ্যে সংশ্লিষ্ট বিষয়াৰ সৈতে আলোচনাত মিলিত হৈছে উপায়ুক্তগৰাকী ৷ সৌৰ শক্তিৰ জৰিয়তে সমগ্ৰ দলঙখনতে পোহৰৰ ব্যৱস্থা কৰাৰ প্ৰচেষ্টা হাতত লোৱা বুলি জনায় উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ৷

Etv Bharat news impact ,Kaliya Bhumura Bridge will get light soon
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ অন্ধকাৰাছন্ন কলিয়াভোমোৰাত পোহৰ যোগানৰ নিৰ্দেশ উপায়ুক্তৰ

By

Published : Feb 19, 2020, 10:14 PM IST

তেজপুৰ, 18 ফেব্ৰুৱাৰীঃ আগন্তুক ছয় মাহৰ ভিতৰত পোহৰ হোৱাৰ সম্ভাৱনা আছে অন্ধকাৰত ডুব গৈ থকা বহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন দলং কলিয়াভোমোৰা ৷ এই বিষয়ে ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ৷ বিগত 10 ফেব্ৰুৱাৰীত ইটিভি ভাৰতত প্ৰকাশিত বাতৰিৰ পিছতেই শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে এই দলঙখনৰ মাজত থকা নিয়ন লাইট সমূহ পুনৰ সংস্থাপন আৰু ব্যৱহাৰৰ উপযোগী কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশনা জাৰি কৰিছে ৷ বিষয়টো সন্দৰ্ভত ইতিমধ্যে সংশ্লিষ্ট বিষয়াৰ সৈতে আলোচনাত মিলিত হৈছে উপায়ুক্তগৰাকী ৷ সৌৰ শক্তিৰ জৰিয়তে সমগ্ৰ দলঙখনতে পোহৰৰ ব্যৱস্থা কৰাৰ প্ৰচেষ্টা হাতত লোৱা বুলি জনায় উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ অন্ধকাৰাছন্ন কলিয়াভোমোৰাত পোহৰ যোগানৰ নিৰ্দেশ উপায়ুক্তৰ

উল্লেখ্য যে, 1981 চনতে স্থলপথৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত ভাৰত চৰকাৰে এই দলঙখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল ৷ পৰৱৰ্তী সময়ত সুদীৰ্ঘ 7 বছৰৰ অন্তত 1987 চনৰ 14 এপ্ৰিলত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে দলঙখনৰ শুভ উদ্বোধন কৰে ৷ কিন্তু বিগত কিছু বছৰৰ পৰা নিৰাপত্তাহীনতাত পৰিছিল দলঙখন ৷ দলঙখনত নিয়ন লাইটৰ পোষ্টসমূহ আছে যদিও তাত বিদ্যুত সংযোগ নোহোৱাৰ ফলত ইতিমধ্যে কেইবাটাও দূৰ্ঘটনা সংঘটিত হৈছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতে বাতৰি প্ৰকাশ কৰাৰ পিছতেই তৎপৰ হৈ উঠিছে শোণিতপুৰ জিলা প্ৰশাসন ৷ যাৰ ফলত জিলাখনৰ উপায়ুক্তই তাৎক্ষণিকভাৱে দলঙখনৰ নিয়ন লাইটসমূহ কাৰ্যক্ষম কৰি তোলাৰ বাবে নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক-নিশা হ'লেই অন্ধকাৰত ডুব যায় কলিয়াভোমোৰা দলং

ABOUT THE AUTHOR

...view details