তেজপুৰ, 8 জুলাই : ভাৰত-তিব্বত সীমান্ত আৰক্ষী চমুকৈ আই টি বি পিৰ তেজপুৰৰ ফ্ৰণ্টিয়াৰ উপ মহাপৰিদৰ্শক জি চি পুৰোহিত আৰু তেজপুৰৰ 55 নং বাহিনীৰ কোম্পানী কামাণ্ডেণ্ট (চি অ’) আই বি ঝাৰ সৈতে বুধবাৰে ই টিভি ভাৰতে সম্পন্ন কৰে এক আছুতীয়া সাক্ষাৎকাৰ ৷
এই সাক্ষাৎকাৰত উপ মহাপৰিদৰ্শক আৰু কোম্পানী পৰিচালকগৰাকীয়ে সীমান্তৱৰ্তী এলেকাত হোৱা শেহতীয়া পৰিস্থিতি, কৰ’ণা মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা সজাগতাৰ লগতে সেনা মোতায়েন সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷ সাক্ষাৎকাৰযোগে তেওঁলোকে কয় যে, সীমান্তৱৰ্তী এলেকাত সেনা বাহিনীৰ মোতায়েন সম্পূৰ্ণৰূপে বাহাল আছে । ভাৰত-তিব্বতৰ সীমান্ত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ লুমলা এলেকাৰ জেমিথাঙৰ সীমা সম্পূৰ্ণৰূপে কটকটীয়া হৈ আছে আৰু সীমান্ত এলেকাত সেনা বাহিনীৰ ফালৰ পৰা সামাজিক কাম-কাজ অব্যাহত আছে ।
উপ মহাপৰিদৰ্শক পুৰোহিতে সদৰি কৰা মতে, মহামাৰী কৰ'ণাৰ সময়তো ভাৰত চৰকাৰৰ সম্পূৰ্ণ নীতি-নিয়ম অনুসৰি সেনা বাহিনীৰ জোৱানসকলক ছুটীৰ পৰা অহাৰ পিছত তেওঁলোকক সুকীয়াকৈ ৰাখিবলৈ আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে ৷ তেওঁলোকে কৰ’ণাক লৈ জিলা প্ৰশাসনে বান্ধি দিয়া নিয়ম পালন কৰিছে ।