নামেৰী ইক' কেম্পত বিদেশী পৰ্যটকৰ ভিৰ - জীয়া ভৰলী নদী
নানা ধৰণৰ ৰং বিৰঙৰ চৰাইৰ কাকলিত এতিয়া মুখৰিত হৈ পৰিছে জীয়া ভৰলীৰ পাৰ ৷
নামেৰী ইক' কেম্প
তেজপুৰ,14 নৱেম্বৰঃনামেৰী ইক' কেম্পলৈ সোঁত বৈছে বিদেশী পৰ্যটকৰ । নামেৰীৰ নিজৰ এক সুকীয়া বৈশিষ্ট্য আছে ৷ শেহতীয়াকৈ নামেৰী উদ্যান ভ্ৰমণৰ বাবে অহা এগৰাকী ইংলেণ্ডৰ পৰ্যটকে সৈতে ই টি ভাৰতৰ সাংবাদিকৰ হোৱা সাক্ষাৎকাৰত পৰ্যটক গৰাকীয়ে জনালে যে, ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু অসম অতিকৈ আকৰ্ষণীয়৷ পলগতে জীয়া ভৰলী নদীৰ 'ৰাফটিং' কৰি যথেষ্ট আনন্দিত বুলিও প্ৰকাশ কৰে পৰ্যটকগৰাকীয়ে ৷