অসম

assam

ETV Bharat / state

ৰঙাপৰাৰ জামে মছজিদত সমূহীয়া পৱিত্ৰ ঈদৰ নামাজ - ঈদৰ নামাজ

ৰমজান মাহৰ এমাহজোৰা কঠোৰ ব্ৰত তথা ৰোজাৰ অন্তত চাওৱাল মাহত কাঁচি জোনটোয়ে ভুমুকি মৰাত আজি ৰঙাপৰাৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পৱিত্ৰ ঈদ ৷

জামে মছজিদত সমূহীয়া পৱিত্ৰ ঈদৰ নামাজ

By

Published : Jun 5, 2019, 3:04 PM IST

ৰঙাপৰা, 05 জুন : সমগ্ৰ বিশ্বৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো আজি উলহ-মালহেৰে পৱিত্ৰ ঈদ পালন কৰা হয় ৷ আনন্দৰ উৎসৱ তথা ত্যাগ,সংযম আৰু মহান ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ পৱিত্ৰ ঈদ-উল-ফিতৰ প্ৰত্যেকগৰাকী মুছলমান লোকে পালন কৰে ৷

ৰঙাপৰাৰ জামে মছজিদত সমূহীয়া পৱিত্ৰ ঈদৰ নামাজ

ৰমজান মাহৰ এমাহজোৰা কঠোৰ ব্ৰত তথা ৰোজাৰ অন্তত চাওৱাল মাহত কাঁচি জোনটোয়ে ভুমুকি মৰাত আজি ৰঙাপৰাৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পৱিত্ৰ ঈদ ৷ পুৱা ৰঙাপৰা নগৰত থকা ঐতিহাসিক জামে মছজিদকে ধৰি ধূলাপাদুং,বৰজুলি,1নং ৱাৰ্ড,আমাৰীবাৰী,বালিপৰা,মিছামাৰী, বিন্দুকুৰি আদি ঠাইত থকা ইছলাম ধৰ্মাৱলম্বী লোকসকলে নতুন সাজ পৰিধান আৰু মূৰত বিভিন্ন ৰঙৰ টুপী লগাই মছজিদত সমূহীয়া পৱিত্ৰ ঈদৰ নামাজ পঢ়ে ৷ ৰঙাপৰা জামে মছজিদত অনুষ্ঠিত সমূহীয়া নামাজত মৌলানা ইউছুফ আলিয়ে ইমামতি কৰে ৷ উল্লেখ্য যে এমাহজোৰা কঠোৰ উপবাসৰ অন্তিম দিনটোলৈ গভীৰ আগ্ৰহেৰে শিশু, যুৱক-যুৱতীৰ পৰা বৃদ্ধ-বৃদ্ধালৈকে সকলোৱে অপেক্ষা কৰে ৷ স্বাভাৱিকতে এই উৎসৱত পূৰ্ণ আনন্দ উপভোগ কৰাৰ বাবে মুছলমান লোকসকলে কেতিয়াও কৃপণালি নকৰে ৷ পৱিত্ৰ ঈদ উপলক্ষে ৰঙাপৰাৰ ভিন্ন স্থানত থকা মছজিদ সমূহ সুন্দৰকৈ সজাই তোলা পৰিলক্ষিত হৈছে ৷ ইফালে আজি বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে ই টিভি ভাৰত অসমৰ জৰিয়তে ঈদৰ শুভেচ্ছা জনাইছে ৷

ABOUT THE AUTHOR

...view details