তেজপুৰ,২৯ এপ্ৰিল:শোণিতপুৰ জিলাৰ হুগ্ৰাজুলিৰ সমীপৰ অভিকেন্দ্ৰৰ পৰা বুধবাৰে পুৱা ৭.৫১ মিনিটত উৎপত্তি হোৱা ভূঁইকপৰ পিছত মুঠ ২০ টাকৈ সৰু বৰ ভূমিকম্পৰ জোকাৰণি অনুভূতহয় । ইফালে প্ৰকৃতিৰ এনে ৰূপ দেখি এতিয়া শংকিত হৈছে জিলাখনৰ ৰাইজ ।
বিভাগীয় সূত্ৰই জনোৱা মতে, শোণিতপুৰ জিলাৰ একে অভিকেন্দ্ৰৰ পৰা নিশা ১.২০ বজাত উৎপত্তি হোৱা ভূঁইকপটো আছিল ৪.৬ প্ৰাবল্যৰ । ইয়াৰ পিছত কেইবাটাও কম্পন অনুভূত হয় আৰু সেইবোৰৰ প্ৰাবল্য আছিল ক্ৰমে ২.৯, ২.৮, ২.৬, ৩.৬ । অৰ্থাৎ মৃদু জোকাৰণি সৃষ্টি হোৱা দেখা যায় । তথাপিও কিন্তু সম্পূৰ্ণ সজাগ হৈ আছিল শোণিতপুৰ জিলাবাসী ।