ৰঙাপৰা,২৮ এপ্ৰিল:বুধবাৰে পুৱাই অহা ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰে অসমৰ ভিন্ন প্ৰান্তত । ৬.৭ প্ৰাবল্যত অহা ভূমিকম্পৰ ফলত ৰাজ্যৰ বহু স্থানত ঘৰ-অট্টালিকা আদিৰ ক্ষয়-ক্ষতি হোৱাৰ খবৰ আহিছে । ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ পৰাও বহু ক্ষয়-ক্ষতিৰ খবৰ আহিছে । জিলাখনৰ ঢেকীয়াজুলিৰ বিভিন্ন স্থানত বহু লোকৰ পকী ঘৰৰ অংশ ভাগি যোৱা দেখিবলৈ পোৱা গৈছে ।
ৰাজ্যত বৃহৎ প্ৰাবল্যৰ ভুমিকম্পৰ জোকাৰণি: আতংকিত ৰাইজ - EARTHQUAKE IN ASSAM
ঢেকীয়াজুলিৰ বিভিন্ন স্থানত বহু লোকৰ পকী ঘৰৰ অংশ ভাগি যোৱা দেখিবলৈ পোৱা গৈছে । পথাৰৰ বহু স্থানত একেৰাহে পানী ওলাই থকাত এতিয়া সেই অঞ্চলবোৰৰ ৰাইজ তীব্ৰ আতংকিত হৈছে ।
ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি ঢেকীয়াজুলিত
সমান্তৰালকৈ কিছুমান দৃশ্যই এতিয়া সকলোৰে মাজত কৌতুহলৰ সৃষ্টি কৰাৰ লগতে আতংকিত কৰি তুলিছে । বিশেষকৈ পথাৰৰ বহু স্থানত একেৰাহে পানী ওলাই থকাত এতিয়া সেই অঞ্চলবোৰৰ ৰাইজৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।