গুৱাহাটী,23 এপ্ৰিল : লক ডাউনৰ সময়ছোৱাত এক 'কমিউনিটি কিটচেন' অৰ্থাৎ সামূহিক পাকঘৰৰ যোগেদি উপাৰ্জনহীন দৰিদ্ৰজনলৈ ভোকৰ ভাত আগবঢ়াইছে ঢেকিয়াজুলীৰ কেইটামান নাগৰিক সংগঠন আৰু স্থানীয় বিধায়ক অশোক সিংঘালে। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলী নগৰত আয়োজিত এই ব্যৱস্থাৰ দ্বাৰা প্ৰতিদিনে 300 জন লোকে 28 মাৰ্চৰ পৰা নিয়মীয়াকৈ অন্ন গ্ৰহণ কৰি আছে । এই অগতানুগতিক আয়োজনত আগভাগ লোৱা ঢেকিয়াজুলী সমষ্টিৰ বিধায়ক অশোক সিংঘালে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে ৷
ৰাজ্যত প্ৰথমবাৰৰ বাবে স্থানীয় সংগঠন ক্ৰমে ঢেকিয়াজুলী ব্যৱসায়ী সন্থা,হোপ এন.জি.অ',কালিবাৰী ব্যৱসায়ী সমিতিৰ প্ৰত্যক্ষ সহযোগত স্থানীয় বিধায়ক অশোক সিংঘলে উপাৰ্জনহীন অসহায় লোকসকলৰ মাজত অব্যাহত ৰাখিছে এই আয়োজনৰ ৷