অসম

assam

ETV Bharat / state

অবৈধ সুৰা ব্যৱসায়ীলৈ ৰঙাচকু পল্লৱ লোচন দাসৰ

চাহ বাগিচাৰ পৰা মদ বিক্ৰী কৰাসকলৰ কাম কৰ্তন কৰা হ'ব- পল্লৱলোচন দাস

By

Published : Mar 3, 2019, 11:09 PM IST

ৰঙাপৰাত অবৈধ সুৰা প্ৰচলন বন্ধ কৰাৰ হুংকাৰ

তেজপুৰ , ৩ মাৰ্চ: " চাহ বাগিচা অঞ্চলত চলি থকা মদ, জুৱা আদি সামাজিক ব্যাধিক আমি কোনোপধ্যেও সহ্য নকৰো । চাহ বাগিচা এলেকাত অবৈধ মদ বিক্ৰী কৰাসকলৰ কাম কৰ্তন কৰিবলৈ আমি কঠোৰ সিদ্ধান্ত ল'ম । কোনো কাৰণতে বাগানত মদৰ প্ৰচলন থাকিব নোৱাৰিব । বাগিচাৰ

পৰা চুলাই মদ দূৰ কৰাৰ বাবে অহা 5 মাৰ্চৰ পৰা চাহ বাগিচা আৰু গাঁওসমূহত সুৰা বিৰোধী অভিযান আৰম্ভ কৰা হ'ব । বাগিচাত মদ বেচিলে আমি আইনী ব্যৱস্থা ল'ম । মই যেতিয়ালৈকে সমষ্টিখনত বিধায়ক হৈ থাকিম তেতিয়ালৈকে কোনো ব্যক্তিয়ে অবৈধ সুৰা প্ৰচলন কৰিব নোৱাৰিব ৷ প্ৰশাসনৰ সহযোগত নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিম আৰু সুৰাৰ সৈতে জড়িত কোনো ব্যক্তি মই এৰি নিদিও ৷ তাৰ বিনিময়ত যদি কোনোৱাই ভোট নিদিয়ে মোৰ ক'বলগীয়া নাই ৷ কিন্তু সুৰা বিৰোধী অভিযান আৰম্ভ হ'বই । " ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাৰ খেলপথাৰত খাদ্য যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ শোণিতপুৰ জিলাৰ সৌজন্যত অনুষ্ঠিত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি চমুকৈ অন্ন আঁচনি আৰু ৰাজ্য চৰকাৰৰ ধন পুৰস্কাৰ মেলাৰ দ্বিতীয় কিস্তিৰ ধন মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি এনেদৰে কয় মন্ত্ৰী পল্লৱ লোচন দাসে ।

ৰঙাপৰাত অবৈধ সুৰা প্ৰচলন বন্ধ কৰাৰ হুংকাৰ

ABOUT THE AUTHOR

...view details