অসম

assam

6 years of Demonetisation : ২০১৬ চনৰ বিমুদ্রাকৰণৰ ৬ বছৰ সম্পূৰ্ণ

By

Published : Nov 8, 2022, 7:09 PM IST

Updated : Nov 8, 2022, 8:44 PM IST

২০১৬ চনৰ বিমুদ্রাকৰণৰ আজি ৬ বছৰ সম্পূৰ্ণ (demonetisation completes 6 years) । ভুল ব্যৱস্থাপনাৰ বাবে আশানুৰূপভাৱে ফলপ্ৰসূ নহ'ল বিমুদ্ৰাকৰণ ।

demonitisation
demonitisation

তেজপুৰ, ৮ নৱেম্বৰ : ২০১৬ চনত দেশত নোটবন্দী অৰ্থাৎ বিমুদ্রাকৰণ ব্যৱস্থাৰ উদ্দেশ্য মহৎ আছিল (2016 demonetisation) । কিন্ত ভুল ব্যৱস্থাপনাৰ বাবে আশানুৰূপভাৱে ফলপ্ৰসূ হোৱা নাছিল । এই মন্তব্য তেজপুৰ বিশ্ববিদ্যালয়ৰ (Tezpur University) গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অভিজিৎ বৰুৱাৰ ।

তেওঁ কয় যে সেই সময়ৰ কথা সুঁৱৰিলে গাৰ নোম শিয়ৰি উঠে । কেইটামান টকা লৈ বেংকত শাৰী পাতি থিয় হৈ থাকিবলগীয়া হৈছিল । কিন্তু যি মহৎ উদ্দেশ্য লৈ এই কাম হাতত লৈছিল, সেয়া ফলৱৰ্তী হোৱা নাই বুলি তেওঁ কয় (demonetisation completes 6 years) । কাৰণ দেশত যিমান ক'লা ধন উদ্ধাৰ হব লাগিছিল তাৰে ৯৯ শতাংশয়ে উদ্ধাৰ নহ'ল আৰু বেংক ব্যৱস্থাৰ উন্নতিকৰণ আৰু ডিজিটেলৰ পৰিৱৰ্তে নগদ টকাৰহে আদান-প্ৰদান অতি বেছিকৈ হ'ল (8th November 2016 declared demonetisation) ।

বৰুৱাই লগতে কয় যে সেই সময়ত তেজপুৰ বিশ্ববিদ্যালয়লৈ এগৰাকী বিদেশী পৰ্যটক আহিছিল আৰু তেওঁৰ যাবৰ সময়ত বিশ্ববিদ্যালয় এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছিল । উল্লেখযোগ্য যে দেশৰ নোটবন্দীৰ আজি ৬ টা বছৰ সম্পূৰ্ণ কৰিলে (PM Modi declared demonetisation) । দেশৰ অৰ্থনৈতিক উন্নয়নৰ অৱস্থা শোচনীয় কৰা ক'লা ধনৰ বিলুপ্তি কৰি অৰ্থনীতিৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ সন্ধিয়া বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

২০১৬ চনৰ বিমুদ্রাকৰণৰ ৬ বছৰ সম্পূৰ্ণ

এই বিমুদ্রাকৰণৰ আজি ৬ বছৰ সম্পূৰ্ণ হ'ল । সেইদিনা মাজনিশাৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো সম্বলিত ৫০০ টকা আৰু ১০০০ টকাৰ নোট নিষিদ্ধকৰণ বলৱৎ হৈছিল । লগতে জনসাধাৰণৰ হাতত জমা থকা এই ৫০০-১০০০ টকীয়া নোটসমূহ বেংকত জমা দিবলৈ সময় দিয়া হৈছিল মাত্ৰ ১৫ দিন । লগতে এজন ব্যক্তিয়ে এদিনত কিমান পৰিমাণৰ জমা দিব পাৰিব সেয়াও নিৰ্ধাৰিত কৰি দিছিল ।

বিগত সময়ছোৱাত বিশেষকৈ সাধাৰণ ব্যৱসায়ীসকলে এক আহুকালৰ মাজত সোমাই পৰে । কাৰণ আৰ্থিক মন্দাৱস্থাই জুৰুলা কৰি তুলিছিল আৰু জনসাধাৰণৰ হাতত জমাধন হঠাতে শূন্য হৈ পৰে । আনহাতে, ২০২১ চনৰ নৱেম্বৰ মাহত ৰিজাৰ্ভ বেংকৰ তথ্য মতে, বিমুদ্রাকৰণৰ পিছত ডিজিটেল লেনদেনৰ পৰিবৰ্তে নগদ লেনদেনৰ মাত্রা অধিক বৃদ্ধি পাইছে । এই সন্দৰ্ভত অভিজিৎ কয় যে সমগ্ৰ প্ৰচেষ্টাটোৰ ব্যৱস্থাপনা শুদ্ধ নোহোৱাৰ বাবেই এই বিমুদ্রাকৰণ নীতি যিমান ফলপ্ৰসূ হ'ব লাগিছিল সেয়া হৈ নুঠিল ।

লগতে পঢ়ক :Dengue cases rise in Assam: ১৪ খন জিলাত ডেংগুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে

Last Updated : Nov 8, 2022, 8:44 PM IST

ABOUT THE AUTHOR

...view details