তেজপুৰ, 31 ডিচেম্বৰ :দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তনত অনুষ্ঠিত হৈছে ৷ উক্ত অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ লগতে উপস্থিত থাকে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ এই সমাৱৰ্তন অনুষ্ঠানতে 1,335 জনৰো অধিক অধিক ছাত্ৰ-ছাত্ৰী ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰিব বিশ্ববিদ্যালয়খনে ৷
সমাৱৰ্তন অনুষ্ঠানতে 783 জনক স্নাতকোত্তৰ (পি জি) ডিগ্ৰী, 428 জনক স্নাতক (ইউ জি) ডিগ্ৰী, 5 জনক পি জি ডিপ্ল’মা, 100 জনতকৈ অধিকক পি এইচ ডি ডিগ্ৰী আৰু 23 গৰাকীক দূৰ আৰু অনলাইন শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰা হ’ব ৷ বিশ্ববিদ্যালয়ত উপস্থিত হৈ উপাচাৰ্যৰ বাসভৱনত তেজপুৰ গজৰাজ কৰ্পছৰ সেনা বাহিনীৰ মুৰব্বী বিষয়াসকলৰ লগতো এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বায়ুসেনাৰ বিমানৰে আহি তেজপুৰ বায়ুসেনাৰ বিমান ঘাটিত অৱতৰণ কৰাৰ পিচত শালনিবাৰীস্থ বিমান ঘাটিৰ পৰা বিশ্ববিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ ইফালে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকলকো সাক্ষাৎ কৰে ৷