অসম

assam

By

Published : Sep 1, 2020, 7:47 PM IST

ETV Bharat / state

বনৰীয়া হাতীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু

ৰঙাপৰাত সংঘটিত হৈছে হাতী-মানুহৰ সংঘাত ৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত সোণাজুলি চাহ বাগিচাত সংঘটিত হৈছে উক্ত শোকাৱহ ঘটনা ৷

Death of a worker in a wild elephant attack rangapara sonitpur assam etv bharat news
হাতীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু

ৰঙাপৰা,1 ছেপ্টেম্বৰ: পুনৰ শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হৈছে হাতী-মানুহৰ সংঘাত ৷ মঙলবাৰে দুপৰীয়া প্ৰায় 1 বজাত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুবৰণ কৰে এগৰাকী শ্ৰমিকে ৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত সোণাজুলি চাহ বাগিচাত সংঘটিত হৈছে উক্ত শোকাৱহ ঘটনা ৷ হাতীৰ আক্ৰমণৰ ফলত মৃত্যুক সাৱটি লোৱা শ্ৰমিকগৰাকী 55 বছৰীয়া অভিনাশ গুৰিয়া বুলি জানিব পৰা গৈছে ৷ মৃত শ্ৰমিকগৰাকীৰ ঘৰ ৰঙাপৰাৰ নাহৰণী গ্ৰাণ্টত ৷

হাতীৰ আক্ৰমণত শ্ৰমিকৰ মৃত্যু

উল্লেখ্য যে, সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক-জাক বনৰীয়া হাতীৰ দলে অঞ্চলটোত বিগত কিছুদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি আহিছে ৷ চাহ বাগিচাখনত বৰ্তমানেও প্ৰায় 30-35 জনীয়া এটা বনৰীয়া হাতীৰ জাকে বিচৰণ কৰি থকাৰ খবৰ লাভ কৰা গৈছে ৷

লগতে চাওকঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details