ঢেকিয়াজুলি,২ জুলাই: যুগ যুগ ধৰি যাতায়াতৰ ক্ষেত্ৰত চৰম বঞ্চনাৰ সন্মুখীন হৈ আহিছে ঢেকিয়াজুলিৰ সমষ্টিৰ এটা বৃহৎঅঞ্চল ৷ বেলশিৰি নৈৰ ওপৰত এখনো দলং নাই সমষ্টিটোৰ মিছমাৰী,বাঁহবেৰা,কলাকুছি,এৰাবাৰী আৰু খুটাপুটা অঞ্চলত ৷ উল্লেখযোগ্য যে এসময়ত ইয়াতেই আছিল অসমৰ সৰ্ববৃহৎ দীঘল কাঠৰ দলং পাছলৈ বেলশিৰি নৈৰ বাঢ়নী পানীত নিঃচিহ্ন হৈছিল দলঙখন ৷
এসময়ৰ অসমৰ সৰ্ববৃহৎ দীঘল কাঠৰ দলঙখন এতিয়া সেই ঠাইত নাই - দলঙ
অঞ্চলটোৰ মিছমাৰী,বাঁহবেৰা,কলাকুছি আৰু এৰাবাৰী এলেকাত বেলশিৰি নৈৰ ওপৰত নাই এখনো দলং। নৈৰ বুকু ফালি প্ৰতিদিনে ভয়ংকৰ যাতায়াত অঞ্চলবাসীৰ।
যুগ যুগ ধৰি যাতায়াতৰ ক্ষেত্ৰত চৰম বঞ্চনাৰ সন্মুখীন হৈ আহিছে ঢেকিয়াজুলিৰ সমষ্টিৰ এটা বৃহৎঅঞ্চল
তেতিয়াৰ পৰাই এখন দলংৰ অভাৱত যমৰ যাতনা ভুগি আহিছে এই অঞ্চলৰ ৰাইজে ৷ ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি বাৰিষাৰ পূৰ্বে নিৰ্মাণ কৰে বাঁহৰ দলং আৰু সেই দলেঙেৰে প্ৰতিদিনে বিপদসংকুলভাবে যাতায়াত অব্যাহত ৰাখিছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে যাৰ ফলত পৰীক্ষাৰ সময়তো ছাত্ৰ- ছাত্ৰীসকলে উপস্থিত হ'ব নোৱাৰে বিদ্যালয়ত ৷ এই বিষয়ে বহুবাৰ অভিযোগ দিয়াৰ পাছতো স্থানীয় বিধায়কজনে তেওঁলোকৰ সমস্যাৰ কথা গুৰুত্ব নিদিয়া বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷
Last Updated : Jul 2, 2019, 3:20 PM IST