অসম

assam

ETV Bharat / state

Darrang College : মহানায়কৰ স্মৃতিত উদ্দাম নৃত্য কৰি শাস্তিৰ সন্মুখীন দৰং মহাবিদ্যালয়ৰ ছাত্ৰ

সদ্য প্ৰয়াত নিপন গোস্বামীৰ সোঁৱৰণিত অনুষ্ঠিত অনুষ্ঠানত অসভ্যালি কৰি শাস্তিৰ সন্মুখীন হ’ল দৰং মহাবিদ্যালয়ৰ ছাত্ৰ (Darrang College Tezpur)৷ মহাবিদ্যালয়খনত অনুষ্ঠিত পৰৱৰ্তী কোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব ছাত্ৰকেইজনে ৷

By

Published : Oct 31, 2022, 7:37 PM IST

Darrang College
মহানায়কৰ স্মৃতিত উদণ্ড নৃত্য কৰি শাস্তিৰ সন্মুখীন দৰং মহাবিদ্যালয়ৰ ছাত্ৰ

তেজপুৰ, 31 অক্টোবৰ : ঐতিহাসিক দৰং মহাবিদ্যালয়ৰ এক ভিডিঅ’ শেহতীয়াকৈ তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য ৷ মহাবিদ্যালয়খনৰ নৱাগত আদৰণি অনুষ্ঠান সদ্যপ্ৰয়াত শিল্পী নিপন গোস্বামীৰ(Actor Nipon Goswami) নামত উসৰ্গিত কৰাৰ পাছত এচাম ছাত্ৰই উদণ্ড নৃত্য প্ৰদৰ্শন কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে (Darrang college controversial dance) ৷

উক্ত ঘটনাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে মহাবিদ্যালয়খনৰ অধ্যক্ষই ছাত্ৰসকলকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । সোমবাৰে ইটিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত দৰং মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ পলাশমণি শইকীয়াই কয় যে, ইতিমধ্যে নৃত্যটোৰ লগত জড়িত ছাত্ৰসকলক মহাবিদ্যালয়ৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ লগতে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি উক্ত ছাত্ৰসকলক ভৱিষ্যতে মহাবিদ্যালয়খনৰ বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰাও নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হৈছে ।

মহানায়কৰ স্মৃতিত উদণ্ড নৃত্য কৰি শাস্তিৰ সন্মুখীন দৰং মহাবিদ্যালয়ৰ ছাত্ৰ

লগতে অধ্যক্ষ ড৹ শইকীয়াই(Darrang College principal) কয় যে, অবাঞ্চিত ঘটনাটো সংঘটিত হোৱাৰ দিনটোত প্ৰয়াত শিল্পী তথা মহাবিদ্যালয়খনৰ (Darrang College Tezpur) প্ৰাক্তন সাংস্কৃতিক সম্পাদক, ৰাজ্যৰ কথাছবি জগতৰ মহীৰূহ নিপন গোস্বামীৰ নামত উক্ত অনুষ্ঠানৰ মঞ্চখন উসৰ্গিত কৰা হৈছিল ৷

উক্ত মঞ্চত সকলো অনুষ্ঠান সুচাৰুৰূপে ৰূপায়িত হৈছিল আৰু হিন্দী গীতৰ অনুষ্ঠানো আছিল ৷ কিন্ত কাৰ্যসূচীৰ বাহিৰলৈ গৈ একাংশ ছাত্ৰই ছোৱালীৰ দৰে পোচাক পৰিধান কৰি উদণ্ড নৃত্য প্ৰদৰ্শন কৰাৰ লগে লগেই উক্ত অনুষ্ঠানটি বন্ধ কৰি দিয়া হয় ৷ লজ্জাজনক কাণ্ডটোৰ সন্দৰ্ভত উদণ্ড ছাত্ৰসকলৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই লিখিতভাৱে উত্তৰ গ্ৰহণ কৰে যদিও উক্ত পৰিৱেশনশৈলী গ্ৰহণযোগ্য নহয় বুলি অধ্যক্ষগৰাকীয়ে ইটিভি ভাৰতক জনায় ।

ইয়াৰোপৰি পৰৱৰ্তী সময়ত মহাবিদ্যালয় পৰিচালনা সমিতিয়ে এই বিষয়ে বিবেচনা কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, বিতৰ্কিত নৃত্যৰ ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈ পৰে আৰু যিগৰাকী লোকে ভিডিঅ’টো আপলোড কৰিছিল সম্প্ৰতি ডিলিট কৰি দিয়া হৈছে ।

উল্লেখ্য যে, একাংশ সচেতন লোকে হিন্দী গীত পৰিৱেশন কৰা অথবা হিন্দী গীতত নৃত্য কৰাৰ কোনো দ্বিমত থাকিব নোৱাৰে বুলি মন্তব্য কৰে যদিও প্ৰয়াত নিপন গোস্বামী সোঁৱৰণী বুলি মঞ্চত বেনাৰ লিখি সন্মুখত এই অনুষ্ঠান প্ৰদৰ্শন কৰাটো উচিত নহয় বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :Neel Pawan Baruah : ৰঙিয়াত চিত্রশিল্পীৰ অভিনৱ পদক্ষেপ

ABOUT THE AUTHOR

...view details