অসম

assam

ETV Bharat / state

ঢেকিয়াজুলিত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি - দুৰ্নীতি

শোণিতপুৰৰ বৰচলা আৰু ঢেকিয়াজুলি বিধান সভা সমষ্টিত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা ১৩ গৰাকী বীৰ শ্বহীদৰ নামত পথ নিৰ্মাণ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ পৰা আবণ্টিত হৈছিল ৩৩ কোটি টকা ৷ এই পথ নিৰ্মাণতে বিধায়ক সিংঘলৰ ঘনিষ্ঠ দিপক বুৰ্চ্ছা নামৰ ঠিকাদাৰ গৰাকীয়ে কাম লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশই ৷

পথ নিৰ্মাণৰ ব্যাপক দুৰ্নীতি

By

Published : Mar 25, 2019, 12:04 AM IST

শোনিতপুৰ,24 মাৰ্চঃভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূণ্য সহশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল মিত্ৰজোঁট চৰকাৰৰ এগৰাকী বিধায়কৰ পৃষ্ঠপোষকতাত চলিছে পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতি ৷ অভিযোগ অনুসৰি,শোণিতপুৰৰ বৰচলা আৰু ঢেকিয়াজুলিবিধান সভা সমষ্টিত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা ১৩ গৰাকী বীৰ শ্বহীদৰ নামত পথ নিৰ্মাণ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ পৰা আবণ্টিত হৈছিল ৩৩ কোটি টকা ৷ এই পথ নিৰ্মাণতে বিধায়ক সিংঘলৰ ঘনিষ্ঠ দিপক বুৰ্চ্ছা নামৰ ঠিকাদাৰ গৰাকীয়ে কাম লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশই ৷ বিধায়ক সিংঘলৰ ঘনিষ্ঠ হোৱাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি পথ নিৰ্মাণত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণত নিয়োজিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷

পথ নিৰ্মাণৰ ব্যাপক দুৰ্নীতি

সোণোৱাল চৰকাৰে বীৰ শ্বহীদ সকলৰ বীৰত্ব আৰু ত্যাগৰ ফলস্বৰূপে তেওঁলোকৰ স্মৃতি বিজড়িত কৰি ৰখাৰ স্বাৰ্থত বীৰ শ্বহীদ নামেৰে নামাকৰণ কৰি এক দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছে তেনে সময়তে অৰ্থলোভী বিধায়কগৰাকীয়ে দুৰ্নীতি পৰায়ণ ঠিকাদাৰ বুৰ্চ্ছাৰ জৰিয়তে অৰ্থ সংগ্ৰহত ব্যস্ত থকা কাৰ্যৰ ফল অনাগত সময়ত ভুগিব লাগিব বুলিও সাধাৰণ ৰাইজে কয় ৷ কেৱল বেপৰুৱা মনোবৃত্তিৰ বিধায়ক সিংঘলে শেহতীয়াকৈ বীৰ শ্বহীদ সকলৰ নামত আবণ্টিত ধন আত্মসাৎ কৰা কাৰ্যই বিজেপি চৰকাৰৰ শূণ্য সহনশীল নীতিক পোনচাটেইনস্যাৎ কৰিছে ৰাইজে ৷

ABOUT THE AUTHOR

...view details