ৰঙাপৰা, 18 এপ্ৰিল : মহামাৰী ক’ভিডৰ দ্বিতীয় ঢৌয়ে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ক’ৰণা সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে যদিও ৰঙাপৰাত ভেকোভাওঁনাত পৰিণত হোৱাৰ অভিযোগ উঠিছে । ৰঙাপৰাত একাংশ ৰাইজে চৰকাৰী নীতি-নিৰ্দেশনা উলংঘন কৰি মাস্ক অবিহনে চহৰখনত ঘূৰি ফুৰাৰ লগতে দৈনিক বজাৰত ব্যৱসায়ীয়ে সামগ্ৰী বিক্ৰী কৰাৰ বিপৰীতে গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰিছে । ৰঙাপৰাত কোনেও পালন কৰা নাই সামাজিক দূৰত্বও ৷
ৰঙাপৰাৰ দৈনিক বজাৰত অভাৱনীয় ভিৰঃ মুখত নাই মাস্ক - covid
শোণিতপুৰ জিলাত কেইবাজনো লোকৰ দেহত ক'ভিডৰ লক্ষণ ধৰা পৰাৰ পিচতো ৰঙাপৰাৰ একাংশ ৰাইজ সচেতন হোৱা পৰিলক্ষিত নহ’ল । মাস্ক আৰু সামাজিক দূৰত্বৰ অবিহনে চহৰত ঘূৰি ঘুৰিছে একাংশ লোক ৷
ৰাজ্যখনত ক'ভিডৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে শোণিতপুৰ জিলাত বহুকেইজনৰ দেহত ক'ভিডৰ লক্ষণ ধৰা পৰাৰ পিচতো ৰঙাপৰাৰ একাংশ ৰাইজ সচেতন হোৱা পৰিলক্ষিত নহ’ল । ৰঙাপৰাত একাংশ ব্যৱসায়ীয়ে নিজৰ লাভৰ স্বাৰ্থত জলাঞ্জলি দিছে সামাজিক দূৰত্বৰ সকলো নীতি নিয়ম । গুৰুত্ব নাই ক’ৰণাৰ দৰে মহামাৰীৰ ভয়াবহতা । দৈনিক বজাৰত সমাজিক দূৰত্ব ভংগ কৰি হাজাৰ হাজাৰ লোকৰ সমাবেশ হোৱাটোৱে ৰঙাপৰাবাসী ৰাইজলৈ যেন এক অশনি সংকেত কঢ়িয়াই আনিছে ৷
লগতে পঢ়ক :ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত জে ই ই মেইনচৰ প্ৰৱেশ পৰীক্ষা