তেজপুৰ,26 জানুৱাৰী : তেজপুৰত দেখা গ’ল কংগ্ৰেছ-অগপৰ মিলন ৷ হঠাৎ দুয়োটা দলৰ দুই নেতা মিলিত হ’ল আলোচনাত ৷ কিন্তু কি আলোচনা হ’ল দুয়োগৰাকী নেতাৰ মাজত?
72 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে মঙলবাৰে তেজপুৰত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ কাৰ্যসুচীত অংশ লোৱাৰ পাচতে মন্ত্ৰীগৰাকীৰ তেজপুৰ চহৰৰ ৰাজপথত সাক্ষাৎ হয় প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ সৈতে ৷
মিলন ঘটিছে নেকি কংগ্ৰেছ-অগপৰ? দুয়োগৰাকী নেতাই সাক্ষাৎ কৰাৰ লগে লগেই কৰমৰ্দন আৰু আলিংগন কৰা পৰিলক্ষিত হয় ৷ ৰাজনীতিৰ পৰিসৰৰ পৰা আঁতৰি দুই বন্ধুৰ মিলন হয় ৰাজপথত ৷
উল্লেখ্য যে, ছাত্ৰ অৱস্থাৰ পৰাই মন্ত্ৰী কেশৱ মহন্ত আৰু অপূৰ্ব ভট্টাচাৰ্যৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে ৷ দুয়োৰে মাজত এতিয়া পাৰিবাৰিক সম্পৰ্কও গঢ়ি উঠা বুলি মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই সদৰি কৰে ৷
লগতে পঢ়ক :বুধবাৰৰ পৰা লেটেকুপুখুৰীত ভাওনা সমাৰোহ