অসম

assam

ETV Bharat / state

Baresaharia Bhauna 2023: বাৰেচহৰীয়া ভাওনাৰ থলীলৈ ২ কোটি আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ - মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

উখল মাখল জামগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাথলী ৷ অসন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দেমাৰী আৰু কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাচতেই আজি ভাওনাথলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু কেন্দ্ৰীয় মানৱ সম্পদ বিকাশৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান (Union Minister Dharmendra Pradhan) ৷

CM Himanta Biswa Sarma Baresaharia Bhauna
বাৰেচহৰীয়া ভাওনাৰ থলীলৈ ২ কোটি আৰ্থিক সাহায্যৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

By

Published : Mar 8, 2023, 10:39 PM IST

Updated : Mar 9, 2023, 10:29 AM IST

তেজপুৰ, ৮ মাৰ্চ : লোকে লোকৰণ্য ঐতিহাসিক জামুগুৰিহাটৰ পকামুড়া পথাৰ (Baresaharia Bhauna 2023)। ৬ মাৰ্চৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আজি তৃতীয়টো দিন । বুধবাৰে এই ভাওনা মহোৎসৱত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু কেন্দ্ৰীয় মানৱ সম্পদ বিকাশৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান (Union Minister Dharmendra Pradhan) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে দ্বিতীয় দিনাৰ ভাওনা মহোৎসৱ ৷

এই ভাওনা মহোৎসৱত উপস্থিত হৈ অভিভূত হৈ পৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ লগতে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশৰ মন্ত্ৰীগৰাকী । মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি কয় যে বাৰেচহৰীয়া ভাওনাৰ থলী পকামুড়া পথাৰ পূৰ্ণাংগ ৰূপত সজাই তুলিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ২ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে । পৃথিৱীত ইংলেণ্ডৰ শেক্সপীয়েৰ নাটকৰ বাদে ২২৬ বছৰীয়া এনে কোনো অনুষ্ঠান নাই যি ৰাইজৰ সমূহীয়া প্ৰচেষ্টাৰে ২২৬ বছৰ ধৰি একেধাৰে চলি আহিছে । সম্ভৱতঃ বিশ্বৰ বহু কম ঠাইতহে এনে উৎসৱ উদযাপন কৰা হয় । এই ভাওনা উৎসৱৰ বাবে শোণিত কোঁৱৰ গজেন বৰুৱাৰ শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যি দৰে এইবাৰ দেশৰ সকলো লোকে লাচিতৰ বিষয়ে জানিলে সেইদৰে শংকৰদেৱ আৰু এই বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বিষয়ে জানিব লাগিব । ইফালে কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে তেওঁৰ ভাষণত কয় যে বাৰেচহৰীয়া ভাওনাৰ সন্দৰ্ভত নেশ্য়নল বুক অৱ ট্ৰাষ্ট ভাৰতৰ উদ্যোগত সকলো ভাষাতে এখন গ্ৰন্থ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হ’ব ৷

উল্লেখযোগ্য যে, ১৭৯৭- ৯৮ চনৰ পৰা জামুগুৰিহাটত আৰম্ভ হোৱা এই বাৰেচহৰীয়া ভাওনাক শোণিত কোঁৱৰ গজেন বৰুৱাই অসম আৰু ভাৰতবৰ্ষৰ সংস্কৃতি প্ৰেমীৰ লগত চিনাকি কৰি দিয়া প্ৰথমগৰাকী ব্যক্তি । বৰুৱাই ১৭৯৭- ৯৮ চনত আৰম্ভ হোৱা এই ভাওনাক পৰ্বত ভৈয়াম সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি এক নতুন মাত্ৰা প্ৰদান কৰে ।

এই ভাওনাৰ এক বিশেষ গুৰুত্ব আছে ৷ এই ভাওনাক একেসময়তে একেটা মণ্ডপতে একেলগে ২০-৩০ খন ভাওনা অনুষ্ঠিত হয় । একেসময়তে প্ৰায় ৪০০ ৰো অধিক গায়ন -বায়ন " ঘোষা" , ডবা, বৰকাঁহ, শংখ বাজে । ভোৰতাল, কালী, নেগেৰা খোলৰ শব্দত জামুগুৰিত এক সুকীয়া পৰিবেশে বিৰাজ কৰে ।

এইবাৰ ভাওনাৰ মণ্ডপৰ আকৃতি এপাহ পদুম ফুলৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে ৷ দীৰ্ঘদিন ধৰি গাঁৱৰ ৰাইজে যুগুত কৰা খেৰ-খাগৰী, বাঁহেৰে এই মণ্ডপটো সাজি উলিয়াই। মণ্ডপটোৰ ভিতৰত নিৰ্মাণ কৰা হয় ২০-৩০ টা নামঘৰৰ চক্ৰাকাৰ আৰু মণ্ডপৰ সোঁ মাজত প্ৰতিষ্ঠা কৰা হয় ভাগৱত ৷ নামঘৰৰ চক্ৰৰ মাজৰ উমৈহতীয়া গোলাকাৰ অংগণত ধ্ৰুপদী পদচালনাৰে খোল তাল বজাই কৰা ধেমালিয়ে দৰ্শকক অভিভূত কৰি তোলে । প্ৰতিটো নামঘৰৰ মাজেৰে একেলগে সূত্ৰই প্ৰৱেশ কৰি ভাওনাৰ শুভাৰম্ভনি কৰে ৷

লগতে পঢ়ক:Bhaona at Kaliabor:কলিয়াবৰত সীতা হৰণ বালী বধ ভাওনা প্ৰদৰ্শন

Last Updated : Mar 9, 2023, 10:29 AM IST

ABOUT THE AUTHOR

...view details