অসম

assam

ETV Bharat / state

মোদীক ভোট নিদিয়া লোকেহে আঁচনিৰ সুবিধা লৈ আছে: মুখ্যমন্ত্ৰী - বিকশিত ভাৰত সংকল্প যাত্ৰা

Himanta Biswa Sarma in Tezpur: নিজকে হিতাধিকাৰী বুলি ভাবিব বুলিহে হেনো সাংবাদিকক পেন্সন দিয়া নাছিল ৷ ৰাজ্যৰ ‘মুখ্যমন্ত্ৰী’ৰ মন্তব্য এয়া ৷ হিতাধিকাৰী বুলি নাভাবিলে পেন্সন ‘দি দিম’ বুলি ক’লে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে প্ৰধানমন্ত্ৰী মোদীক ভোট নিদিয়া মানুহেহে চৰকাৰী আঁচনিৰ সুযোগ বেছিকৈ লোৱা বুলি ক’লে ড৹ শৰ্মাই ৷

Himanta Biswa Sarma in Tezpur
তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:09 PM IST

তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

তেজপুৰ, ২২ ডিচেম্বৰ :বিজপিক ভোট নিদিয়া লোকে চৰকাৰৰ যিকোনো আঁচনিৰ বিষয়ে আনতকৈ আগতে জানে । কিন্তু মোদীক ভোট দিয়া মানুহে নাজানে ৷ বৰপেটা জিলাত মানুহে শাৰী পাতি চৰকাৰী আঁচনি গ্ৰহণ কৰে আৰু কিন্তু তেজপুৰত চৰকাৰী আঁচনিৰ লাভ কৰিবলৈ মানুহ বিচাৰি আনিব লাগে ৷ ইয়াৰ মূলতে হৈছে সজাগতা ৷ শুকুৰবাৰে তেজপুৰত এনেদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

শুকুৰবাৰে তেজপুৰৰ ঊষাপুৰ গাঁও পঞ্চায়ত আৰু গাভৰু উন্নয়ন খণ্ডৰ অধীনত অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনা মতে সমগ্ৰ দেশৰ ২ লাখ ৬০ হাজাৰ গাঁৱত অহা ২৫ জানুৱাৰীৰ ভিতৰত বিকশিত ভাৰত সংকল্প যাত্ৰা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

ইয়াৰ ভিতৰত ৪ হাজাৰ পৌৰ নিগম নিকায় আছে আৰু সমগ্ৰ দেশতে ৬৮ হাজাৰ গাঁও অন্তৰ্ভুক্ত কৰা হৈছে । শোণিতপুৰ জিলাত মুঠ ৫৮ খন পঞ্চায়তৰ ভিতৰত ৬৬ হাজাৰগৰাকী মহিলা আৰু পুৰুষে উজলাকে ধৰি বিভিন্ন আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । শোণিতপুৰত ৩৫ হাজাৰৰো অধিক লোকে স্বাস্থ্য শিৱিৰৰ আঁচনি আৰু ৩৬ হাজাৰৰ অধিক লোকে যক্ষ্মা ৰোগৰ চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ইয়াৰোপৰি কয় যে চৰকাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত জনসাধাৰণৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই আহিছে ৷ আনহাতে তেওঁ সাংবাদিকৰ পেন্সন বন্ধ কৰাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাংবাদিকসকলে পেন্সন লাভ কৰিলে নিজকে হিতাধিকাৰী বুলি ক’ব বুলি ভাবিহে তেওঁ সেই ব্যৱস্থা কৰা নাছিল ৷ ‘হিতাধিকাৰী’ শব্দটোৰ জৰিয়তে সংবাদকৰ্মীসকলক কটাক্ষ কৰি যদিহে হিতাধিকাৰী বুলি নাভাৱে তেন্তে সাংবাদিকসকলৰ বাবেও পেন্সনৰ ব্যৱস্থা কৰা হ’ব বুলি সুৰত সুৰ মিলাই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:হাগ্ৰামাৰ কাষলৈ ঢাপলি মেলিলে বড়োভূমিৰ দুই সহস্ৰাধিক শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details