অসম

assam

By

Published : Oct 1, 2020, 10:54 PM IST

ETV Bharat / state

জলবায়ুৰ পৰিৱৰ্তনে বিপদ মাতিছে নেকি ধৰালৈ.....

ৰাষ্ট্ৰীয় বাঢ় আয়োগৰ তথ্য মতে, বিগত তিনি বছৰ পূৰ্বে অসমৰ মুঠ মাটিকালি 78.523 লাখ হেক্টৰৰ পৰা 31.05 লাখ হেক্টৰ এলেকা বানত ক্ষতিগ্ৰস্ত হৈছিল ৷ কিন্তু বৰ্তমান, 39.58% ভূমি বানৰ কবলত পৰা তথ্য পোহৰলৈ আহিছে ৷ চৰকাৰৰ হেমাহিৰ বাবেই গহপুৰৰ লোহিতমুখত ২০ খনৰো অধিক গাঁও জাহ গ'ল পানীত ৷ লুইতৰ বুকুত নিশ্চিহ্ন ৰাইজৰ মাটি ভেটি ৷ কৃষি ভূমিত বালিৰ তৰপ ৷ চলিত বৰ্ষত বানত মৃতকৰ সংখ্যা 110 জনৰ লগতে ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 21 জন ৷ মুঠতে দিনে দিনে সমগ্ৰ বিশ্বতে জলবায়ুৰ পৰিৱৰ্তনৰ সমস্যা বৃদ্ধি পাইছে৷ যাৰ ফলত বান,খহনীয়া, ভূমিস্খলনৰ দৰে সমস্যাবোৰ মাথো বৃদ্ধি পাইছে ৷

Climate change
Climate change

তেজপুৰ, 1 অক্টোবৰঃৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত সঘনাই সংঘটিত হৈছে ভূমিস্খলন , গৰা খহনীয়াৰ ঘটনা ৷ flash flood ৰ বাবে প্ৰতিবছৰে দুৰ্যোগ ভূগি আহিছে ৰাইজে ৷ কিন্তু এই পৰ্যন্ত নাই কোনো স্থায়ী সমাধান ৷ Geological Survey of Indiaৰ এক গৱেষণাত পোহৰলৈ আহিছে এক তথ্য - জলবায়ুৰ পৰিৱৰ্তনে বৃদ্ধি কৰিছে ভূমিস্খলন তথা গৰা খহনীয়াৰ দৰে সমস্যাসমূহ ৷

জলবায়ুৰ সঘন পৰিৱর্তনে বহু সময়ত বৃহৎ নদী সমূহৰ গতি পথ সলনি কৰিছে । ফলস্বৰূপে গৰা খহনীয়াৰ প্ৰকোপ দৈনিক বৃদ্ধি পাইছে ৷ উদাহৰণস্বৰূপে অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ খহনীয়াত কেইবা শ হেক্টৰ কৃষি ভূমি অনিষ্ট হোৱাৰ লগতে পাহাৰত হোৱা ভূমিস্খলনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে যথেষ্ট লোক । চলিত বৰ্ষৰ ভূমিস্খলনত অৰুণাচল প্ৰদেশত প্ৰায় ১০ জন লোক নিহত হৈছিল আৰু বাঢ়নী পানীৰ বাবে ২ জন লোক থিতাতে নিহত হয় ।

লগতে পঢ়কঃপাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ৰাষ্ট্ৰীয় বাঢ় আয়োগৰ তথ্য মতে, বিগত তিনি বছৰ পূৰ্বে অসমৰ মুঠ মাটিকালি 78.523 লাখ হেক্টৰৰ পৰা 31.05 লাখ হেক্টৰ এলেকা বানত ক্ষতিগ্ৰস্ত হৈছিল৷ কিন্তু বৰ্তমান, 39.58% ভূমি বানৰ কবলত পৰা তথ্য পোহৰলৈ আহিছে ৷ চৰকাৰৰ হেমাহিৰ বাবেই গহপুৰৰ লোহিতমুখত ২০ খনৰো অধিক গাঁও জাহ গ'ল পানীত ৷ লুইতৰ বুকুত নিশ্চিহ্ন ৰাইজৰ মাটি ভেটি ৷ কৃষি ভূমিত বালিৰ তৰপ ৷ চলিত বৰ্ষত বানত মৃতকৰ সংখ্যা 110 জনৰ লগতে ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 21 জন ৷ মুঠতে দিনে দিনে সমগ্ৰ বিশ্বতে জলবায়ুৰ পৰিৱৰ্তনৰ সমস্যা বৃদ্ধি পাইছে৷ যাৰ ফলত বান,খহনীয়া, ভূমিস্খলনৰ দৰে সমস্যাবোৰ মাথো বৃদ্ধি পাইছে ৷

জলবায়ুৰ পৰিৱৰ্তনে বিপদ মাতিছে নেকি ধৰালৈ.....

পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন নিৰ্ভৰ কৰে আমাজনৰ ৰেইন ফৰেষ্টৰ পৰা ,কিন্ত সম্প্ৰতি বৰ্ষাৰণ্যখনত চলা অত্যাধিক ধ্বংসকাৰ্যৰ ফলত এতিয়া জলবায়ুৰ সঘন পৰিৱৰ্তন হৈছে । ইয়াৰ প্ৰভাৱ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ কৃষি খণ্ডটো ক্ৰমাৎ উৎপাদন হ্ৰাস পাইছে ৷ বিগত ছয়টা দশকত 4.27 লাখ হেক্টৰ কৃষি ভূমি খহনীয়াৰ কবলত পৰিছে ৷ ইয়াৰোপৰি 6,080 কিলোমিটাৰ অঞ্চল খহনীয়াৰ কবলত পৰা বুলি তথ্য পোৱা গৈছে ৷ চৰকাৰে নিৰ্মাণ কৰা কোটি টকীয়া মথাউৰিয়েও ৰক্ষা কৰিব পৰা নাই ৰাজ্যখনৰ মাটিকালি ৷

লগতে পঢ়কঃকৰ’ণা মহামাৰীৰ সময়ত শ্বুটি সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমখন ছবি ‘‘বেল ব’ট’ম’’

উল্লেখ্য যে, অন্য উন্নয়নশীল দেশত যিদৰে আগতীয়াকৈ ভূমিস্খলনৰ উমান পোৱা যায় আৰু প্ৰতিৰোধৰ ব্যৱস্থা কৰা হয়, ঠিক সেইদৰে GSI য়ে ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় ইউৰোপত ‘লেণ্ডশ্লিপ’ নামৰ এক গৱেষণাৰ জৰিয়তে ভূমিস্খলন আৰু জলবায়ু সম্পৰ্কে তথ্য যুগুত কৰিছে । গতিকে GSI ৰ প্ৰয়োগেৰে চৰকাৰে এই সমস্যাৰ এক স্থায়ী সমাধান উলিয়াব পাৰিব নে নাই সেয়া লক্ষণীয় বিষয় হ'ব ...

ABOUT THE AUTHOR

...view details