অসম

assam

ETV Bharat / state

তেজপুৰত মুখ্য সচিব জিষ্ণু বৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ - chief secretary of state visits tezpur etv bharat news

অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই শনিবাৰে শোণিতপুৰ জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী সককাৰ লগত ক’ভিড-১৯ আৰু আগন্তুক বান সম্বন্ধে এখন পৰ্যালোচনা বৈঠকত ভাগ লয় । জিলা উপায়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত বৈঠকত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে মুখ্য সচিব বৰুৱাক সম্ভাষণ জনায় ।

তেজপুৰত মুখ্য সচিব জিষ্ণু বৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ
তেজপুৰত মুখ্য সচিব জিষ্ণু বৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ

By

Published : Jun 13, 2021, 2:20 PM IST

তেজপুৰ, 13 জুন : ৰাজ্যৰ মুখ্য সচিব(chief secretary of state) জিষ্ণু বৰুৱাই শনিবাৰে শোণিতপুৰ জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী(top officials from departments) সকলৰ লগত ক’ভিড-১৯ আৰু অনাগত বান সমস্যা সম্বন্ধে এখন পৰ্যালোচনা বৈঠকত ভাগ লয় । জিলা উপায়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত বৈঠকত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে মুখ্য সচিব গৰাকীক সম্ভাষণ জনায় ।

ৰাজ্যৰ মুখ্য সচিব গৰাকীয়ে বৈঠকত জিলাৰ স্বাস্থ্য বিষয়াসকলক ৰাজ্যলৈ আহিব পৰা ক’ভিড-১৯ ৰ তৃতীয়টো লহৰৰ বাবে সজাগ হ’বলৈ আহ্বান জনালে । স্বাস্থ্য বিভাগে(health department) চিকিৎসাৰ বাবে ল’বলগীয়া ব্যৱস্থা বিশেষকৈ অক্সিজেনৰ পৰিমাণ কিমান ক’ত কেনেদৰে মজুত আছে আৰু সকলো ৰোগীয়ে প্ৰয়োজনীয় সময়তে অক্সিজেন লাভ কৰিছে নে নাই ইয়াৰ খবৰ লয় ৷

ইয়াৰ লগতে ভেকচিন প্ৰদান আৰু টেষ্ট সম্পৰ্কে অধিক গুৰুত্ব প্ৰদান কৰিবলৈ তেওঁ স্বাস্থ্য বিষয়া(health official) সকলক নিৰ্দেশ প্ৰদান কৰে । মুখ্য সচিব বৰুৱাই জিলাৰ বিষয়-ববীয়াসকলক বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢ়ক :ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details