অসম

assam

ETV Bharat / state

ঠেলামৰা কাণ্ডৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙ

বুধবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ভৰা শিঙৰীত দুই ফৈদৰ মাজত সূত্ৰপাত হৈছিল সংঘাতৰ ৷ তথ্য অনুসৰি ,ৰাম মন্দিৰৰ ভূমি পূজনৰ উছাহত সমদল উলিয়াইছিল একাংশ লোকে ৷ সেই সমদলৰ মাজতে আন এটা ফৈদৰ সৈতে সংঘটিত হয় সংঘৰ্ষৰ ৷ পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খাই যে, সংঘৰ্ষত আহত হয় 12 জনকৈ লোক ৷ উন্মাদপ্ৰায় হৈ পৰা একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ কনভয়ৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাটাৰ কনভয়ো ৷

Chief Minister Sarbananda Sonowal has ordered an inquiry into the case of Sonitpur
ঠেলামৰা কাণ্ডৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : Aug 6, 2020, 8:07 PM IST

তেজপুৰ,6আগষ্টঃ বুধবাৰে সংঘটিত ঠেলামৰা কাণ্ডৰ পিছতে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম আৰক্ষী ৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঠেলামৰা কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে অসম আৰক্ষীৰ আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ৷

ঠেলামৰা কাণ্ডৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ দিয়াৰ পাচতে আজি ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ সাংবাদিকৰ আগত জি পি সিঙে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি মন্তব্য কৰে ৷ ইয়াৰ উপৰিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত ইতিমধ্যে অতিৰিক্ত সুৰক্ষা বাহিনী মোটায়েন কৰাৰ কথাও সাংবাদিকক জানিবলৈ দিয়ে জি পি সিঙে ৷

ঠেলামৰা কাণ্ডৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

উল্লেখ্য যে, বুধবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ভৰা শিঙৰীত দুই ফৈদৰ মাজত সূত্ৰপাত হৈছিল সংঘাতৰ ৷ তথ্য অনুসৰি, ৰাম মন্দিৰৰ ভূমি পূজনৰ উছাহত সমদল উলিয়াইছিল একাংশ লোকে ৷ সেই সমদলৰ মাজতে আন এটা ফৈদৰ সৈতে সংঘটিত হয় সংঘৰ্ষৰ ৷ পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খাই যে, সংঘৰ্ষত আহত হয় 12 জনকৈ লোক ৷ উন্মাদপ্ৰায় হৈ পৰা একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ কনভয়ৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাটাৰ কনভয়ো ৷

আনহাতে, সংঘৰ্ষৰ পাচতে ভৰা শিঙৰী আৰু গৰুডুবা অঞ্চলত সেনা বাহিনীৰ তৰফৰ পৰা ফ্লেগ মাৰ্চ কৰা হয় । অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে সান্ধ্য আইন ৷ ইয়াৰ লগতে ঠেলামৰা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত 3 তাকৈ গোচৰ ৰুজু কৰাৰ উপৰিও আটক কৰা হৈছে ২ জনকৈ লোকক ৷

লক্ষণীয় হ'ব আৰক্ষীৰ তদন্তত ঘটনা সন্দৰ্ভত কি তথ্য পোহৰলৈ আহে ৷ তদন্তৰ অন্ততহে জানিব পৰা যাব এই সংঘৰ্ষৰ সূত্ৰপাতৰ আঁৰত আছিল নেকি কাৰোবাৰ কু-অভিসন্ধি !

লগতে পঢ়কঃসীমান্তত নেপালৰ হেলিপেড নিৰ্মাণ, সষ্টম হৈছে ভাৰতীয় সেনা

ABOUT THE AUTHOR

...view details