অসম

assam

ETV Bharat / state

Border Roads Workers: বৰ্ডাৰ ৰোডছ শ্ৰমিকৰ অনশন প্ৰত্যাহাৰ - Border Roads Workers

বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচন শ্ৰমিক ইউনিয়নৰ মঙলবাৰৰ পৰা ২৪ এপ্ৰিললৈকে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ 91 RCC ৰ হ'বলগীয়া ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে ৷ বিগত কেইবামাহ ধৰি তেওঁলোকৰ প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত হৈ থকাৰ বাবে মঙলবাৰৰ পৰা এই কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছিল (Border Roads Workers) ৷

Border Roads workers withdraw their hunger strike
বৰ্ডাৰ ৰোডছ শ্ৰমিকৰ অনশন প্ৰত্যাহাৰ

By

Published : Apr 19, 2023, 12:45 PM IST

তেজপুৰ, 19 এপ্ৰিল : বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচন শ্ৰমিক ইউনিয়নৰ মঙলবাৰৰ পৰা ২৪ এপ্ৰিললৈকে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ 91 RCC ৰ হ'বলগীয়া ধৰ্মঘট কাৰ্যসূচী মঙলবাৰে বিয়লি প্ৰত্যাহাৰ কৰিছে ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ 91 RCC ৰ অধীনত থকা এই বৰ্ডাৰ ৰোডছৰ শ্ৰমিকসকলৰ বিগত কেইবামাহ ধৰি তেওঁলোকৰ প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত হৈ থকাৰ বাবে মঙলবাৰৰ পৰা এই কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছিল (Border Roads workers withdraw their hunger strike) ৷

বৰ্ডাৰ ৰোডছৰ এই শ্ৰমিকসকল প্ৰজেক্ট ভৰ্ত্তকৰ পইণ্ট থকা এটা বৃহৎ সংখ্যক শ্ৰমিকৰ দল ৷ তেওঁলোকৰ নিয়মীয়া শ্ৰমিকসকল প্ৰাপ্যৰ পৰা বঞ্চিত আৰু দুইমাহ লৈকে মজুৰী নোপোৱা আদি কাৰণৰ লগতে শ্ৰমিকসকলৰ বাসস্থানত কোনোধৰণৰ চেনিটাৰী সুবিধা প্ৰদান নকৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব দিয়ে বৰ্ডাৰ ৰোডছ শ্ৰমিক সন্থাৰ সভাপতি লোকেই চেৰিঙে (Border Roads Workers) ।

লগতে পঢ়ক:Diesel price Hike: পুনৰ প্ৰতিলিটাৰ ডিজেলত দাম বৃদ্ধি পালে 51 পইচাকৈ

ইতিমধ্যে পশ্চিম কামেং জিলাৰ শ্ৰমিকসকলে এই 91 RCC ৰ অধীনত তেওঁলোকৰ কাম বৰ্জন ৰাখিছে আৰু মঙলবাৰৰ পৰা ২৪ এপ্ৰিললৈকে এই অৱস্থান ধৰ্মঘট, আৰু ২৪ তাৰিখে অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি এক বিশেষ পত্ৰ বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰে (Border Roads Workers Protest) ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম অঞ্চলত বৰ্ডাৰ ৰোডছৰ অধীনত সীমান্তৱৰ্তী পথত অহৰৰ্নিশে ব্যস্ত থাকিব লগীয়া হয় কাৰণ বৰ্তমান অৱস্থাতও সীমান্তৱৰ্তী অঞ্চলত প্ৰচণ্ড বৰফৰ বাবে পথসমূহ মুকলি কৰিবলৈ যথেষ্ট পৰিমাণে শ্ৰমিকৰ প্ৰয়োজন হয় । উল্লেখযোগ্য যে টাৱাং জিলাৰ সীমান্তত বুমলা হাতৰ পৰা যাংটছে লৈ যোৱা পথত প্ৰচণ্ড বৰফৰ ফলত আবদ্ধ হৈ থকা পথ মুকলি কৰিবলৈ এই শ্ৰমিকসকল নিয়োগ কৰা হয় (Border Roads Workers Protest In Arunachal) ৷

লগতে পঢ়ক:Rail Accident In Shahdol: মধ্যপ্ৰদেশত দুখন মালবাহী ৰে'লৰ সংঘৰ্ষ; এজন ৰে’ল চালক নিহত

For All Latest Updates

ABOUT THE AUTHOR

...view details