তেজপুৰ,৭ মাৰ্চ : শোণিতপুৰত ভাৰতীয় ৰেডক্ৰছ ছ'ছাইটিৰ শোণিতপুৰ জিলা শাখা আৰু শালনীবাৰীস্থিত ক্ষেত্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰও কম্পোজিত চিকিৎসালয়ৰ সৈতে যুটীয়াভাবে স্বেচ্ছামূলক ৰক্তদান তথা সজাগতা শিবিৰ অনুষ্ঠিত হয় ৷ অনুষ্ঠাণত 58জন ভাৰতীয় সেনাই ৰক্তদান কৰে ৷
তেজপুৰৰ শালনীবাৰীত স্বেচ্ছামূলক ৰক্তদান তথা সজাগতা শিবিৰ অনুষ্ঠান - ৰক্তদান
ভাৰতীয় ৰেডক্ৰছ ছ'ছাইটিৰ শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি স্বেচ্ছামূলক ৰক্তদান তথা সজাগতা শিবিৰত ৫৮ জন এছএছবি জোৱানে ৰক্তদান কৰে ।
সশস্ত্ৰ সীমা বল শোণিতপুৰৰ শালনীবাৰীৰ ক্ষেত্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা স্বেচ্ছামূলক ৰক্তদান তথা সজাগতা শিবিৰ অনুষ্ঠানৰ শুভ আৰম্ভ কৰে ডি আই জি ডা০ অখিল কৰ্মকাৰে আৰু বক্তব্য ৰাখে শোণিতপুৰ জিলা ৰেডক্ৰছ চ'ছাইটিৰ অবৈতনিক সম্পাদক ডা০ অতুল কুমাৰ কলিতা তথা প্ৰশিক্ষণ কেন্দ্ৰৰ ডি আই জি, টি দৰ্জাইদেৱ, ডাঃ মনোজ কুমাৰ বৰা দেৱে । ডাঃ ৰুমা অৰোৰাই সঞ্চালনা কৰা অনুষ্ঠানত উপস্থিত থাকে জিলা ৰেডক্ৰছৰ চিকিৎসা উপসমিতিৰ সভানেত্ৰী ডাঃ অপৰাজিতা বৰুৱা, যুৱ ৰেডক্ৰছৰ উপসভাপতি অধ্যাপক মানস পাটগিৰী, ডাঃ পি যোশী, ডাঃ ডি কে দাস, জেষ্ঠ্য চিকিৎসক ও সমাজকৰ্মী ডাঃ হেমেন্দ্ৰ কুমাৰ বৰা, জেষ্ঠ্য চিকিৎসক ডাঃ বসন্ত হাজৰিকা, ডাঃ জিতুমনি বেজবৰুৱা । এই শিবিৰত ৫৮ জন জোৱানে ৰক্তদান কৰে । অনুষ্ঠানৰ সামগ্ৰীক ব্যৱস্থাপনাৰ তদাৰক কৰে ডাঃ মনোজ বৰা আৰু মানস অধিকাৰীদেৱে ।