তেজপুৰ, ৫ ছেপ্টেম্বৰ :তেজপুৰৰ ইটাখোলাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা (Murder case in Tezpur) ৷ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ইটখোলা আৰক্ষী চকীৰ অন্তৰ্গত দুই নং ইটাখোলাৰ শান্তিপুৰ গাঁৱৰ এটা পুখুৰীত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ (BJP worker Brutal murder in Tezpur)৷
যুৱকজনক সোমবাৰে সন্ধিয়া কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি পুখুৰীত হত্যা কৰি পেলাই থৈ যায় (Youth brutally killed) ৷ মৃত যুৱকজন গাঁওখনৰে বিজেপিৰ গাঁও সভাৰ সদস্য জানমনি বৰা (48) বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ মৃতদেহ পুখুৰীত প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ মাজত হুৱা-দুৱা লাগে ৷ লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত জানমনিৰ ঘৰৰ লগতে আৰক্ষীক অৱগত কৰে ৷