তেজপুৰ, ৩ মাৰ্চ:বিজেপিৰ ভিতৰ চৰাত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সংঘাটখনে তেজপুৰ সমষ্টিত এক নতুন ৰূপ ধাৰণ কৰিছে ৷ তেজপুৰ বিধানসভা সমষ্টিটো মিত্ৰজোঁটে যদিহে অগপক এৰি দিয়ে তেনেহ'লে বিজেপিৰ স্থানীয় নেতা কৰ্মীয়ে ভোট বৰ্জন কৰিব ৷ লগতে সমষ্টিৰ কাৰ্যালয় ভঙাৰ হুংকাৰো দিয়ে একাংশ দলীয় কাৰ্যকৰ্তাই ৷
বুধবাৰে তেজপুৰস্থিত শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত এইদৰে ক্ষোভ প্ৰকাশ কৰে ৷ লগতে বিজেপিৰ ৰাজ্যিক সভাপতিলৈ তেজপুৰৰ পৰা ৬৯ জন সদস্যই স্বাক্ষৰিত এক পত্ৰ প্ৰেৰণ কৰিছে বুলি সংবাদিকক জানিবলৈ দিছে দলটোৰ এজন শীৰ্ষনেতাই ৷ সামন্তৰালভাৱে সমষ্টিটোৰ এই সংঘাটৰ বাবে একাংশ নেতা কাৰ্মীয়ে নিৰাপত্তা বিছাৰি প্ৰশাসনৰ কাষ চাপিছে বুলিও জানিব পৰা গৈছে ৷
নিৰ্বাচনৰ পূৰ্বে তেজপুৰ বিজেপিত খহনীয়া আৰম্ভ উল্লেখ্য যে, এইবাৰ বিজেপিৰ পৰা তেজপুৰ সমষ্টিত কেইবাজনো নতুন প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে দলৰ টিকট বিচাৰিছে । দলীয় এক সুত্ৰই সদৰি কৰা মতে ইয়াৰ ভিতৰত প্ৰথম স্থানত বিজেপিৰ পশ্চিম শোণিতপুৰ জিলাৰ প্ৰাক্তন সম্পাদক দীপক শইকীয়া, তেজপুৰ বিজেপিৰ উপ-সভাপতি আৰু তেজপুৰ আদালতৰ অধিবক্তা মুনিন বৰুৱা , শোণিতপুৰ পশ্চিম বিজেপিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান এমতৰণৰ উপাধ্যক্ষ ঋতুৱৰণ শৰ্মা ।
ইফালে এই সন্দৰ্ভত প্ৰাৰ্থীত্ব প্রত্যাশি তথা দলৰ প্ৰাক্তন উপ-সভাপতি মুনিন বৰুৱা সংবাদিকক সম্বোধন কৰি কয়, তেজপুৰ সমষ্টিত বিজেপিয়ে নিজা ববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো জৰুৰী । তথাপি দলীয় সিদ্ধান্তক সৰ্বোচ্চ বুলি মুনিন বৰুৱাই মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: অখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই