অসম

assam

By

Published : Sep 26, 2019, 2:43 AM IST

ETV Bharat / state

বিশ্বনাথৰ চতিয়াত 16টা গেছ ভৰ্তি চিলিণ্ডাৰ জব্দ

খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু চতিয়া আৰক্ষীৰ এটি দলে চতিয়াৰ মাৰ্কত বজাৰত অভিযান চলাই এজন ব্যক্তিসহ 16টা গেছ ভৰ্তি জব্দ কৰা হয় ৷

বিশ্বনাথৰ চতিয়াত 16টা গেছ ভৰ্তি চিলিণ্ডাৰ জব্দ

বিশ্বনাথ,25চেপ্তেম্বৰ : বুধবাৰে খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা দলে শোণিতপুৰ জিলাৰ বিশ্বনাথৰ চতিয়াত চলায় অভিযান ৷ এই অভিযানত চতিয়া আৰক্ষীৰ এটি দলেও সহযোগ কৰে ৷ অভিযানকাৰী দলকেইটাই চতিয়া মাৰ্কত বজাৰত অভিযান চলাই দিপক নায়ক নামৰ এজন ব্যক্তি সহ ১৬ টাকৈ ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰ জব্দ কৰে ৷

তথ্য অনুসৰি,শোণিতপুৰ জিলা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা জিলা বিষয়া পি.চি বৰদলৈয়ে চতিয়া মাৰ্কত বজাৰত অবৈধ চিলিণ্ডাৰ মজুত থকাৰ তথ্য লাভ কৰিছিল ৷ সেই তথ্যৰ ভিত্তিতেই অভিযান চলোৱা হৈছিল ৷

ABOUT THE AUTHOR

...view details