অসম

assam

By

Published : Sep 17, 2020, 8:02 PM IST

ETV Bharat / state

ৰাজ্যত অনুষ্টুপীয়াকৈ পালন কৰা হ’ল বিশ্বকৰ্মা পূজাৰ লগতে মহালয়া

এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ’ল বিশ্বকৰ্মা পৃজা ৷ আনহাতে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ক’ভিডৰ নিয়ম অনুসৰি এইবাৰ শক্তিৰ অধিষ্ঠিত দেৱীৰ আৰাধনা কৰা হব বুলি জানিব পৰা গৈছে ৷

ৰাজ্যত অনুষ্টুপীয়াকৈ পালন কৰা হ’ল বিশ্বকৰ্মা পূজাৰ লগতে মহালয়া
ৰাজ্যত অনুষ্টুপীয়াকৈ পালন কৰা হ’ল বিশ্বকৰ্মা পূজাৰ লগতে মহালয়া

তেজপুৰ, যোৰহাট,17 চেপ্টেম্বৰ : আজি বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা ৷ উৎসাহ নাই যদিও পৰম্পৰাৰে পালন কৰা হ’ল বিশ্ব খনিখৰৰ পূজাভাগ ।কৰ’ণা মহামাৰীৰ মাজতেই ৰাজ্যৰ সৰ্বত্ৰেই পালন কৰা হ’ল বিশ্বকৰ্মা পৃজা ৷ বিশ্বকৰ্মা পূজা বুলিলেই সুকীয়া হৈ পৰে যোৰহাটৰ পৰিৱেশ ৷ কিন্তু এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ’ল বিশ্বকৰ্মা পৃজা ৷

ৰাজ্যত অনুষ্টুপীয়াকৈ পালন কৰা হ’ল বিশ্বকৰ্মা পূজাৰ লগতে মহালয়া

ইপিনে তেজপুৰত, অনুষ্টুপিয়াকৈ পালন কৰা হ’ল মহালয়া ৷ আজি ধৰালৈ নামিছে দেৱীদূৰ্গা ৷ তেজপুৰ চহৰৰ মধ্য তেজপুৰ যুৱ সংঘৰ উদ্যোগত নেপালী পট্টিৰ দুৰ্গা মন্দিৰত মহালয়া উপলক্ষে "মা",দূৰ্গাক আৰাধনা কৰা হয় । অশুভ শক্তিক বিনাশ কৰিবলৈ দেৱী দূর্গাৰ আবিৰ্ভাৱ হয় আৰু এই অমাৱশ্যাৰ সময়তে আৰম্ভ হয় মহালয়া ।এই মহালয়া উপলক্ষে বহু জনৰ বিভিন্ন ধাৰণা আছে । উল্লেখযোগ্য যে এই বাৰ দোলাত আগমণ কৰি হাতীত গমন কৰিব দূৰ্গতি নাশিনি মা দুৰ্গাই ।

ৰাজ্যত অনুষ্টুপীয়াকৈ পালন কৰা হ’ল বিশ্বকৰ্মা পূজাৰ লগতে মহালয়া

আনহাতে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ক’ভিডৰ নিয়ম অনুসৰি এই বাৰ শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ আৰাধনা কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :হোজাইত উদযাপন বিশ্বকৰ্মা পূজা

ABOUT THE AUTHOR

...view details