ৰঙাপৰা,5 জুন:শোণিতপুৰ জিলাৰ বালিপৰাত সুলভ মূল্যৰ দোকানীৰ (whole sale shop) মইমতালি ৷ চাউল কমকৈ দিয়াৰ লগতে খুদ চাউল মিহলাই গ্ৰাহকক চাউল বিক্ৰী কৰাৰ অভিযোগত শনিবাৰে গ্ৰাহকে হাতে-লোটে ধৰা পেলায় পাকবিল-আদাবাৰী গাঁৱৰ সুলভ মূল্যৰ দোকানী জগদীশ পাণ্ডিয়াক । পাণ্ডিয়াই অঞ্চলটোৰ প্ৰায় আঠশ গ্ৰাহকৰ প্ৰতিজন গ্ৰাহকক 1.2 কেজি চাউল কমকৈ দি অহাৰ সময়তে এগৰাকী গ্ৰাহকে হাতে-লোটে ধৰা পেলায় ব্যৱসায়ীগৰাকীক ৷
বালিপৰাত সুলভ মূল্যৰ দোকানীৰ মইমতালিত অতিষ্ঠ গ্ৰাহক - পাকবিল-আদাবাৰী গাঁৱৰ সুলভ মূল্যৰ দোকানী
পাকবিল-আদাবাৰী গাঁৱৰ সুলভ মূল্যৰ দোকানী জগদীশ পাণ্ডিয়াই অঞ্চলটোৰ প্ৰায় আঠশ গ্ৰাহকৰ প্ৰতিজন গ্ৰাহকক 1.2 কেজি চাউল কমকৈ দি অহাৰ সময়তে এগৰাকী গ্ৰাহকে কথাটো হাতে-লোটে ধৰা পেলায় ৷ ব্যৱসায়ীগৰাকীৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে গ্ৰাহক ৷
কমকৈ চাউল যোগান ধৰি হাতে লোটে ধৰা পৰিল সুলভ মূল্যৰ দোকানীৰ
পাণ্ডিয়াৰ মাতৃ ৰত্নী দেৱীৰ নামত থকা উক্ত চৰকাৰী সূলভ মূল্যৰ দোকানখনত পূৰ্বেও পাণ্ডিয়াই অনুৰূপ ধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত ক'লা ব্যৱসায়ী জগদীশ পাণ্ডিয়াক চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে । দৰিদ্ৰলোকৰ নামত অহা চাউল, চেনী আদি হৰলুকি কৰি অহা উক্ত ব্যৱসায়ীজনৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ গ্ৰাহকে ।
লগতে পঢ়ক :১০০ বিঘা মাটিত কঠীয়া পৰাৰ সিদ্ধান্ত বিশ্বজিৎ ফুকনৰ