তেজপুৰ,23 এপ্ৰিলঃ শেষত ন্যায় পালে তপন ডেকাই৷ তপন ডেকাক চুৰীৰে নৃশংস ভাবে হত্যা কৰাৰ অভিযোগত অভিযুক্ত পাপু শইকীয়াক দোষী সাব্যস্ত আদালতৰ ৷
অৱশেষত ন্যায় পালে তপন ডেকা আৰু পৰিয়ালবৰ্গই
2012 চনৰ 5 মে'ৰ দিনা তেজপুৰ কলেজিয়েট হাইস্কুল খেল পথাৰত অনুষ্ঠিত হৈছিল ৰঙালী বিহুৰ সংস্কৃতিক সন্ধিয়া। উক্ত ৰাতিয়েই সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড৷ তেজপুৰ কলেজিয়েট হাইস্কুলৰ চকীদাৰ বীৰেন ডেকাৰ পুত্ৰ তপন ডেকাক চুৰীৰে নৃশংসভাবে হত্যা কৰিছিল দুষ্কৃতিকাৰীয়ে ।
ঘটনা সন্দৰ্ভত 2012 চনৰ 5 মে ৰ দিনা তেজপুৰ কলেজিয়েট হাইস্কুল খেল পথাৰত অনুষ্ঠিত হৈছিল ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়া। উক্ত ৰাতিয়েই সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড৷ তেজপুৰ কলেজিয়েট হাইস্কুলৰ চকীদাৰ বীৰেন ডেকাৰ পুত্ৰ তপন ডেকাক চুৰীৰে নৃশংস ভাবে হত্যা কৰিছিল দুষ্কৃতিকাৰীয়ে ।
তপন ডেকাৰ পৰিয়ালে সুদীৰ্ঘ ৭ বছৰৰ পিচত ন্যায় পালে। মঙ্গলবাৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে 21 গৰাকীকৈ সাক্ষীৰ সাক্ষ্য গ্ৰহন কৰি এই ঘটনা সন্দৰ্ভত অভিযোগত অভিযুক্ত পাপু শইকীয়াক তেজপুৰ থানাত পঞ্জীয়ন ভুক্ত ৬০৯/১২ নম্বৰ গোচৰৰ আধাৰত দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ আনহাতে একেটা ৰায়দানতে আন ৫ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰে ।