তেজপুৰ, 20 মে’:SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পাচতহে যেন ৰাজ্যত অব্যাহত থকা নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ বিৰুদ্ধে চকু খোল খাইছে আৰক্ষীৰ (SI Junmoni Rabha case update) ৷ দীৰ্ঘদিন ধৰি ৰাজ্যত নকল টকা আৰু নকল সোণৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ পাচতো কোনো বিশেষ পদক্ষেপ হাতত লোৱা নাছিল আৰক্ষীয়ে ৷ কিন্তু জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সৈতে নকল সোণ ব্যৱসায়ৰ প্ৰসংগ জড়িত হোৱাৰ পাচতহে ব্যৱস্থা লোৱাৰ বাবে তৎপৰ হৈছে আৰক্ষী ৷
উল্লেখ্য যে, শুকুৰবাৰে নিশাৰে পৰা নকল সোণ আৰু নকল টকাৰ অভিকেন্দ্ৰ হৈ পৰা কেইবাখনো জিলাত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ শোণিতপুৰ জিলাতো অভিযান চলাই মুঠ 11 টা নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ এই কথা সদৰী কৰিছে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে (Fake gold racket busted in Sonitpur) ।
ইয়াৰ ভিতৰত 7 টা চাৰিদুৱাৰ থানাৰ অন্তৰ্গত, ২ টা শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত আৰু ২ টা বৰঘাত আৰক্ষী চকীৰ অন্তৰ্গত বুলি এক সংবাদমেলত উল্লেখ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ এই অভিযানত ১ কেজি নকল সোণ আৰু দুখন নকল সোণৰ বিস্কুট উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে (Crackdown on Fake gold racket) ।