অসম

assam

ETV Bharat / state

NRCৰ কৰ্তন খচৰাত নাম নাহিল শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম - শ্বহীদ বৈজয়ন্তি দেৱী

বুধবাৰে প্ৰকাশ পোৱা NRCৰ কৰ্তন খচৰাত নাম নাহিল শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম। দেশৰ বাবে প্ৰাণ দিও কৰ্তন খচৰাত নাম নোহোৱাত দুখ প্ৰকাশ কৰে শ্বহীদ গৰাকীৰ পৰিয়ালে ।

NRC ৰ কৰ্তন খচৰাত নাম নাহিল শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম

By

Published : Jun 27, 2019, 4:58 PM IST

তেজপুৰ,২৭জুন: বুধবাৰে প্ৰকাশ পালে NRCৰ কৰ্তন খচৰা। এই কৰ্তন খচৰাত অন্তৰ্ভুক্ত নহ'ল অসম আন্দোলনৰ শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম । ১৯৮০ চনৰ ২৬ জুনত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা ৰণশিঙা দিৱসৰ শাৰীত প্ৰথমে থিয় হৈ শংখ বজোৱাৰ সময়তে ঢলি পৰিছিল শ্বহীদ বৈজয়ন্তী। ইয়াৰ পাছতেই ১৯৮০ চনৰ ১৬ আগষ্টত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৃত্যু হৈছিল শ্বহীদ বৈজয়ন্তিৰ।

NRC ৰ কৰ্তন খচৰাত নাম নাহিল শ্বহীদ বৈজয়ন্তি দেৱীৰ পৰিয়ালৰ নাম

পৰৱৰ্তী সময়ত ১৯৮৬ চনত বৈজয়ন্তি দেৱীক শ্বহীদ ঘোষণা কৰা হৈছিল। কিন্তু দেশৰ বাবে প্ৰাণ দিয়া বৈজয়ন্তিৰ পৰিয়ালৰ নাম বুধবাৰে প্ৰকাশ পোৱা কৰ্তন খচৰাত নোহোৱাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। বৃহস্পতিবাৰে শ্বহীদ গৰাকীৰ পৰিয়ালৰ লোকেও ক্ষোভ প্ৰকাশ কৰিলে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত । চাওক আমাৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details