অসম

assam

By

Published : Oct 14, 2020, 12:59 PM IST

ETV Bharat / state

ভূটানত জৰুৰীকালীনভাৱে অৱতৰণ গুৱাহাটী অভিমুখী হেলিকপ্টাৰ

টাৱাঙৰ পৰা গুৱাহাটীলৈ অভিমুখে যাত্ৰা কৰা হেলিকপ্টাৰৰ ভূটানত জৰুৰীকালীন অৱতৰণ। ১৪ গৰাকী যাত্ৰী আৰু ৫গৰাকী কৰ্মচাৰী আছিল হেলিকপ্টাৰখনত। মঙলবাৰে নিশাই ভূটানৰ পৰা গুৱাহাটীলৈ অনা হয় যাত্ৰীসকলক।

ভূটানত জৰুৰীকালীনভাৱে টাৱাঙৰ পৰা গুৱাহাটীলৈ অভিমুখী হেলিকপ্টাৰ অৱতৰণ
ভূটানত জৰুৰীকালীনভাৱে টাৱাঙৰ পৰা গুৱাহাটীলৈ অভিমুখী হেলিকপ্টাৰ অৱতৰণ

তেজপুৰ,১৪ অক্টোবৰ:অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা যাত্ৰা কৰা এখন হেলিকপ্টাৰ ভূটানৰ পাৰোত জৰুৰীভাৱে অৱতৰণ কৰা হয়। গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰা হেলিকপ্টাৰখনত হঠাতে হোৱা বিজুতিৰ বাবে অৱতৰণ কৰা হয় ভূটানত। Sky One Airways Limitedৰ হেলিকপ্টাৰখনত আছিল ১৪ গৰাকী যাত্ৰী আৰু ৫ গৰাকী কৰ্মচাৰী। মঙলবাৰে নিশাই ভূটানৰ পৰা গুৱাহাটীলৈ অনা হয় যাত্ৰীসকলক।

ভূটানত জৰুৰীকালীনভাৱে টাৱাঙৰ পৰা গুৱাহাটীলৈ অভিমুখী হেলিকপ্টাৰ অৱতৰণ

হেলিকপ্টাৰখনৰ পাইলট কেপ্তেইন আনন্দ মালিকে মঙলবাৰে টাৱাঙৰ পৰা প্ৰায় ১২ বজাত যাত্ৰা আৰম্ভ কৰে যদিও ১২.৩০ বজাত বিজুতি ঘটাৰ বিজুতিৰ সংকেত পোৱাত গুৱাহাটীস্থিত ভূটান কাউঞ্চিলৰ জেনেৰেলৰ লগত যোগাযোগ কৰাত ভূটানৰ সেনাৰ পাৰোস্থিত বাহিনীৰ আৰু ATC ৰ লগত যোগাযোগ কৰাত সেনাৰ হেলিপেডেত অৱতৰণ কৰে। ইতিমধ্যে অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা কাৰিকৰী বিষয়া ভূটান অভিমুখে ৰাওনা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ উদান (UDAN) আঁচনিৰ জৰিয়তে Mi-172 হেলিকপ্টাৰ আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰৰ মাজত ২০১৬চনত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি মতে মাত্ৰ ৰাজ্যৰ মাজত যাত্ৰী চলাচল কৰিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ পূৰ্বে সঘনাই হোৱা দুৰ্ঘটনাৰ বাবে অৰুণাচল প্ৰদেশৰ চৰকাৰে পবনহ‌ংস হেলিকপ্টাৰ চুক্তি বাতিল কৰিছিল।

লগতে পঢ়ক:গুৱাহাটীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

ABOUT THE AUTHOR

...view details