তেজপুৰ,২৩ জুন : অৰুণাচল প্ৰদেশত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৪৮ জনলৈ বৃদ্ধি । শেহতীয়াকৈ পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাংত কোৱাৰেন্টাইন হৈ থকা ৮ জনকৈ লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছত তেওঁলোকক অৰুণাচল প্ৰদেশৰ নাহৰলগুণৰ কোভিড চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে ।
তথ্য অনুসৰি, ডিৰাংৰ ৮ জন কৰ'ণা আক্ৰান্তৰ ভিতৰত ৭ জন নতুন দিল্লীৰ পৰা আহি কোৱাৰেন্টাইন হৈ আছিল ৷ ইফালে গুৱাহাটীৰ ষ্টিফেন দৈমাৰী নামৰ লোকজন চেলা পাছৰ নিৰ্মীয়মান সুৰংগৰ কাৰিকৰী দিশৰ বিষয়া আছিল বুলি জানিব পৰা গৈছে ৷ ষ্টিফেন দৈমাৰী চেলা পাছৰ সুৰংগত বৈদ্যুতিক যন্ত্ৰৰ কাম কৰিছিল ।
লগতে পঢ়কঃচৰকাৰৰ ভূল নীতিৰ বাবেই দেশে এই সংকটৰ সম্মুখীন হৈছে : ছোনিয়া গান্ধী
ষ্টিফেন দৈমাৰী অৰুণাচলৰ পৰা গুৱাহাটীলৈ ঘূৰি অহাৰ কথা আছিল যদিও ৰাজ্য চৰকাৰৰ SOP অনুসৰি প্ৰদেশখনত উপস্থিত হোৱাৰ পাছতে তেওঁ তিনিদিনৰ বাবে কোৱাৰেন্টাইনত থাকিবলগীয়া হয় ৷ কোৱাৰেন্টাইনৰ সময়তে ষ্টিফেন দৈমাৰীৰ SWAB পৰীক্ষণ কৰাত তেওঁৰ দেহত কোভিড ১৯ ৰ উপস্থিতি পোৱা বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে ৰাজ্যখনৰ পূব অৰুণাচল প্ৰদেশৰ চাংলাংত কোভিড 19 ত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ২২ জুনত টুইটাৰ যোগে প্ৰকাশ কৰা তথ্য অনুসৰি, চাংলাংত ৭৪ জন লোক কৰ'ণাত আক্ৰান্ত ৷ আনহাতে ৰাজ্যখনত মুঠ ১৪৮ জনৰ ভিতৰত ২২ জন আৰোগ্য হোৱাৰ বিপৰীতে ১২৬ জন বৰ্তমান চিকিৎসাধীন হৈ আছে ।