অসম

assam

ETV Bharat / state

Hydro Power project: শনিবাৰে অৰুণাচলত ১৩ টা জলবিদ্যুৎ প্ৰকল্পৰ বুজাবুজি চুক্তি স্বাক্ষৰ - Centre for Public Sector Undertaking

অৰুণাচল প্ৰদেশৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই ইতিমধ্যেই অসমৰ নামনি অংশ ভয়াৱহ বানপানীৰ সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ পুনৰ অৰুণাচল প্ৰদেশে 13 টা জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ বাবে আগবাঢ়িছে ৷ ইয়াৰ বাবে শনিবাৰে অৰুণাচল চৰকাৰে স্বাক্ষৰ কৰিব বুজাবুজি চুক্তি ৷

Hydro Power project
Etv Bharat

By

Published : Aug 11, 2023, 10:45 PM IST

তেজপুৰ, 11 আগষ্ট: অৰুণাচল প্ৰদেশ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান কেন্দ্ৰৰ (Centre for Public Sector Undertaking) সৈতে শনিবাৰে 13 টা সৰু-বৰ জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব । ৰাজ্যখনৰ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত এখোজ আগুৱাই 3,097 মেগাৱাটৰ পৰা আৰম্ভ কৰি একেবাৰে সাধাৰণ 186 মেগাৱাটৰ প্ৰকল্প নিৰ্মাণৰ বাবে এই চুক্তি স্বাক্ষৰ কৰিব অৰুণাচল চৰকাৰে ৷

ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰ্মান হ’ব লগীয়া এই প্ৰকল্পসমূহ হ’ল আমুলীন হাইড্ৰ পাৱাৰ প্ৰজেক্ট(420 মেগাৱাট), ইমিনি (500 নেগৱাট) , মিহোৱাডন (400 মেগাৱাট), ইটালিন (3,097 মেগাৱাট), আট্টুনলি ( 480 মেগাৱাট), কামালা (1800 মেগাৱাট), আপাৰ সোৱণশিৰি (2000 মেগাৱাট), হেও (240 মেগাৱাট), নাইং (1000 মেগাৱাট), হিৰং (500 মেগাৱাট), ক’লাই- 2 (1200 মেগাৱাট), টাট’-2 (700 মেগাৱাচ) আৰু টাট’ -1 (186 মেগাৱাট) ৷

মুঠ এই 13 টা জলবিদ্যৎ প্ৰকল্প নিৰ্মাণ হ’লে ৰাজ্যখনে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব ৷ কিয়নো ৰাজ্যখনে বৰ্তমান ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন কৰি আহিছে ৷ এই প্ৰকল্প 2000 চনত আৰম্ভ হৈছিল আৰু বৰ্তমান এই প্ৰকল্পৰ পৰা অসমে বিদ্যুৎ ক্ৰয় কৰি আহিছে । অৱশ্যে এই 405 মেগৱাট ক্ষমতা সম্পন্ন জলবিদ্যুৎ প্ৰকল্পটোৱে অসমৰ নামনিৰ অংশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে বাৰিষা কালত ভয়াৱহ বানপানীৰ সমস্যাৰ সৃষ্টিৰ অন্যতম কাৰণ হৈ পৰিছে ৷

আনহাতে নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত ৷ এই প্ৰকল্পৰ পৰাও নামনি অংশত হ’ব পৰা ভাবুকিৰ পৰা পৰিত্ৰাণ পোৱা নাই স্থানীয় ৰাইজে ৷ তেনেস্থলত পুনৰ তিনি হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ অনুমোদনে কি প্ৰভাৱ পেলায় সেয়া সময়তহে পৰিষ্কাৰ হ’ব ৷

লগতে পঢ়ক:Constituency Delimitation: চৰকাৰৰ অধিকাংশ পৰামৰ্শ মানি আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

ABOUT THE AUTHOR

...view details