অসম

assam

ETV Bharat / state

অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ - ছিজুচাত ‘পাকে পাগা’ উৎসৱ

‘পাকে পাগা’ পাকে টাইগাৰ ৰিজাৰ্ভৰ লগত সংলগ্ন এক উৎসৱ ৷ এই উৎসৱৰ জৰিয়তে বন্যপ্ৰণীৰ আপুৰুগীয়া সম্ভাৰ প্ৰদৰ্শন কৰাই ৰাইজক সজাগ কৰোৱা হয় ৷ ছিজুচাৰ পাকে ৰিজাৰ্ভৰ অন্যতম আকৰ্ষণ হ’ল ধনেশ পক্ষী, যি এতিয়া বিলুপ্তিৰ পথত ৷

Arunachal Governor innagurate Pakke Paga Festival at Sejosa
অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ

By

Published : Jan 18, 2020, 8:28 PM IST

Updated : Jan 22, 2020, 7:26 AM IST

তেজপুৰ,18 জানুৱাৰীঃ শনিবাৰে অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱৰ উদ্বোধন কৰে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ(অৱসৰপ্ৰাপ্ত) বি ডি মিশ্ৰই ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱৰ উদ্বোধনী ভাষণত ৰাজ্যপাল গৰাকীয়ে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যবাসীক সজাগ হ’বলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, ‘পাকে পাগা’ পাকে টাইগাৰ ৰিজাৰ্ভৰ লগত সংলগ্ন এক উৎসৱ ৷ এই উৎসৱৰ জৰিয়তে বন্যপ্ৰণীৰ আপুৰুগীয়া সম্ভাৰ প্ৰদৰ্শন কৰাই ৰাইজক সজাগ কৰোৱা হয় ৷ ছিজুচাৰ পাকে ৰিজাৰ্ভৰ অন্যতম আকৰ্ষণ হ’ল ধনেশ পক্ষী, যি এতিয়া বিলুপ্তিৰ পথত ৷ এই উৎসৱৰ জৰিয়তে পূৰ্বে নিচি জনজাতীয় লোকসকলে মূৰৰ টুপি হিচাপে ব্যৱহাৰ কৰা ধনেশ পক্ষীৰ ঠোটক পৰৱৰ্তী সময়ত কাঠৰ আৰু ফাইবাৰৰ দ্বাৰা নিৰ্মাণ কৰি ব্যৱহাৰ আৰম্ভ কৰা হয় ৷

অৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ

ৰাজ্যপাল গাৰকীয়ে ইয়াৰ পূৰ্বে পাকে ৰিজাৰ্ভৰ ভিতৰত থকা WTIৰ চেন্টাৰ ফৰ বিয়াৰ ৰিহেবিলিটেচন এণ্ড কঞ্জাৰভেচন পৰিদৰ্শন কৰি এচিয়েটিক কলা ভালুকৰ পুণৰ সংৰক্ষণৰ বাবে সলাগ লয় ৷ পাকে পাগা উৎসৱৰ সামৰণি পৰিব 20 জানুৱাৰীত ৷

লগতে পঢ়ক-ৰেঞ্জাৰ পংকজ কলিতাৰ বাসগৃহত চি আই ডিৰ অভিযান

Last Updated : Jan 22, 2020, 7:26 AM IST

ABOUT THE AUTHOR

...view details