তেজপুৰ,৫ নৱেম্বৰ : ভাৰতীয় সেনাৰ এটি দলে অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ চিয়ম নদীত আৱদ্ধ হৈ পৰা দুগৰাকীকৈ মহিলাক উদ্ধাৰ কৰে ৷ হঠাত চিয়ম নদীৰ পানী বাঢ়ি অহাত আৱদ্ধ হৈ পৰিছিল মহিলা দুগৰাকী ৷ ভাৰতীয় সেনাৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল পো শুংচাই মহিলা দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷
স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, হঠাৎ চিয়ম নদীৰ পানী বাঢ়ি আহে আৰু নদীৰ বুকুত আৱদ্ধ হৈ পৰে মহিলা দুগৰাকী ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ সেনাৰ দলক খবৰ দিয়ে আৰু সেনাৰ দলটোৱে অভিযান আৰম্ভ কৰি মহিলা দুগৰাকী উদ্ধাৰ কৰে ৷ ৰাফটিঙৰ সামগ্ৰী আৰু টিউব লৈ অভিজান চলায় নদীৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় মহিলা দুগৰাকীক ৷