তেজপুৰ, 27 এপ্ৰিল: ভাৰতীয় সেনাৰ ফায়াৰ ডিভিজনে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপা আৰু কালাকটাং তেহচিলৰ মুঠ 20 খন গাওঁ সামৰি তিনিদিনীয়া প্ৰবীণ প্ৰচাৰ কাৰ্যসূচী ৰূপায়ন কৰিছে ৷ বাহন আধাৰিত দলটোৱে প্ৰত্যেকখন গাঁও ভ্ৰমণ কৰে, য’ত তেওঁলোকে বয়োজ্যেষ্ঠ, মহিলা আৰু তেওঁলোকৰ আত্মীয় সকলৰ সৈতে বাৰ্তালাপ কৰে ৷ গুৱাহাটী বেছৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল পি. খোংচাইয়ে সদৰি কৰে এই কথা ৷
উল্লেখ্য যে, ক’ৰণা মহামাৰীৰ এই জটিল সময়ত বৃহৎ সমাবেশ সংগঠিত কৰাৰ পৰিৱৰ্তে ঘৰে ঘৰে গৈ সেনাই চলোৱা অভিযান সফল হৈছে ৷ পাহাৰীয়া অঞ্চলৰ দূৰৱৰ্তী, দুৰ্গম গাওঁবোৰত বাস কৰা বয়োজ্যেষ্ঠ, সাহসী মহিলা আৰু তেওঁলোকৰ আত্মীয়সকল সেনাই চলোৱা এই অভিযানৰ পৰা উপকৃত হৈছে ৷