অসম

assam

74th Republic day: কেশৱ মহন্ত-পৃথ্বিৰাজ ৰাভাৰ হাতত অস্ত্ৰ !

By

Published : Jan 26, 2023, 9:01 PM IST

হাতত এ কে ৪৭ ল’লে মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক পৃথ্বিৰাজ ৰাভাই । কিন্ত কিয়, উদ্দেশ্য কি তেওঁলোকৰ ! হাতত অস্ত্ৰ লৈ কি চাইছে তেওঁলোকে(Army Celebrating 74th Republic day) ৷

74th Republic day
তেজপুৰত গণৰাজ্য দিৱসত মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক পৃথ্বিৰাজ ৰাভা হাতত অস্ত্ৰ

তেজপুৰত গণৰাজ্য দিৱস

তেজপুৰ, ২৬ জানুৱাৰী:দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে তেজপুৰত ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা এখন অস্ত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়(Army Celebrating R day with Cultural Extravaganza) ৷ সেনা বাহিনীৰ এই অস্ত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক পৃথ্বিৰাজ ৰাভাই ৷ অগপ নেতা দুগৰাকী সেনা-বাহিনীৰ অস্ত্ৰসমূহ পৰিদৰ্শন কৰাৰ লগতে হাতত তুলি ইয়াৰ বিষয়ে বুজ লোৱা পৰিলক্ষিত হয় ।

তেজপুৰত জিলা প্ৰশাসনে আজি গণৰাজ্য দিৱসৰ(74th Republic day celebrated in Tezpur) লগত সংগতি ৰাখি আয়োজন কৰা অন্যান্য প্ৰদৰ্শনী সমূহৰ ভিতৰত অন্যতম আছিল ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শনী । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই(Tezpur MLA Prithiraj Rabha) হাতত অস্ত্ৰ লৈ চাই ধেমেলীয়া সুৰত কয়, মোৰ পিতৃ বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়াও ষ্টেনগান লৈ ফুটুৱা নাছিল, আজি সামৰিক বাহিনীৰ এই অস্ত্ৰসমূহ চাই ভাল লাগিছে ৷ ফুটাব পাৰিলে আৰু ভাল লাগিলেহেতেন ৷

ভাৰতীয় সেনাই দেশৰ হকে যথেষ্ট কষ্টৰে কাম কৰি আছে বুলি উল্লেখ কৰি বিধায়ক পৃথ্বিৰাজ ৰাভাই আমি তেওঁলোকক উৎসাহিত কৰিব লাগে বুলি মন্তব্য কৰে ৷ তেওঁ লগতে যদি কোনো শত্ৰুৱে ভাৰতবৰ্ষত আক্ৰমণ কৰে আমি প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু আছো বুলিও শত্ৰুক প্ৰত্যাহ্বান জনায় ৷ আনহাতে মন্ত্ৰী কেশৱ মহন্তই(Minister Keshab Mahanta) হাতত অস্ত্ৰ লৈ শত্ৰুক সাৱধান হ’বলৈ হুংকাৰ দিয়ে ৷

মন্ত্ৰী মহন্তই গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰি আলফা স্বাধীনৰ লগত শান্তি আলোচনাৰ প্ৰক্ৰিয়া চলি থকাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ লগত এই প্ৰক্ৰিয়া চলি থকাৰ কথা সদৰী কৰে ৷ বৰ্তমান সময়ৰ প্ৰতি লক্ষ্য ৰাখি সেনাধ্যক্ষ পৰেশ বৰুৱা আলোচনাৰ মাজলৈ অহাটো তেওঁ বাঞ্ছা কৰে ৷

সম্প্ৰতি দেশত চলি থকা ক‘ভিড ভেকচিন সন্দৰ্ভতো তেজপুৰত মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ তেওঁ ক’ভিড ভেকচিনক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে । তেওঁ লগতে বহুতো বৈজ্ঞানিক পৰ্যালোচনা কৰাৰ অন্তত ক’ভিড ভেকচিনৰ কোনো পাৰ্শ্বক্ৰিয়া নাই, এইটো স্পষ্ট হৈছে বুলিও কয় ।

লগতে পঢ়ক:Republic Day 2023 : নলবাৰীত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ গণৰাজ্য দিৱস উদযাপন

ABOUT THE AUTHOR

...view details