তেজপুৰ,১০ অক্টোবৰ : অসমৰ বিজেপি চৰকাৰে পেট্ৰ'ল,ডিজেলৰ কৰ পৰিহাৰ নকৰে কিয় ? এই প্ৰশ্নৰ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ ।
অসমৰ চৰকাৰে পেট্ৰ'ল,ডিজেলৰ কৰ পৰিহাৰ নকৰে কিয় ? - অসমৰ চৰকাৰে পেট্ৰল,ডিজেলৰ কৰ পৰিহাৰ নকৰে কিয় ?
তেজপুৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত ভট্টাচাৰ্যই ক'ভিড মহামাৰী প্ৰতিৰোধৰ নামত ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ বিত্ত বিভাগে যোৱা ২২ এপ্ৰিলৰ মাজনিশাৰ পৰা পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰ আজিলৈকে প্ৰত্যাহাৰ কৰা নাই কিয় বুলি প্ৰশ্ন উত্থাপন কৰে ।
শনিবাৰে বিয়লি তেজপুৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত ভট্টাচাৰ্যই ক'ভিড মহামাৰী প্ৰতিৰোধৰ নামত ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ বিত্ত বিভাগে যোৱা ২২ এপ্ৰিলৰ মাজনিশাৰ পৰা পেট্ৰল আৰু ডিজেলৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰ আজিলৈকে প্ৰত্যাহাৰ কৰা নাই কিয় বুলি প্ৰশ্ন উত্থাপন কৰে ।
মহামাৰী প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় অৰ্থৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে পেট্ৰ'লৰ দামৰ ওপৰত ৫.৬১ টকা আৰু ডিজেলৰ দামৰ ওপৰত ৫.২৬ টকাৰ অতিৰিক্ত কৰ আৰোপ কৰিছিল। যাৰ ফলত ২৩ এপ্ৰিলৰ পৰা ডিজেলৰ বিক্রী মূল্য ৬৫.৯৬ টকাৰ পৰা ৭১.২২ টকা হয় । একেদৰে পেট্ৰ'লৰ বিক্ৰী মূল্য ৭২.৫৭ টকাৰ পৰা ৭৮.১৮ টকা হয় আৰু যোৱা কালি ডিজেলৰ মূল্য আছিল ৭৮.৩১ টকা আৰু পেট্ৰ'লৰ ৮৫.৭৯ টকা । অৱশ্যে দূৰত্ব অনুযায়ী পৰিবহন ব্যয়ৰ বাবে এই দামৰ সামান্য পাৰ্থক্য থাকে বুলি তেওঁ কয় । আনহাতে তেওঁ কয় যে, দেশৰ দুখন মান ৰাজ্যই পেট্ৰ'ল, ডিজেলৰ ওপৰত অতিৰিক্ত কৰ প্ৰয়োগ নীতি গ্ৰহণ কৰিছিল যদিও কেতিয়াবাই এনে সিদ্ধান্ত পৰিহাৰ কৰে ।
লগতে অপূৰ্ব ভট্টাচাৰ্যই কয় যে,আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি অসমৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে প্ৰতিদিনে ঘোষণা কৰা নগদ ধনৰ আঁচনি ৰূপায়ণ কৰিবলৈ ধনৰ অভাৱ নথকা চৰকাৰে আজি ছমাহ ধৰি ডিজেল ,পেট্ৰলৰ পৰা অতিৰিক্ত কৰ সংগ্ৰহ কৰি আহিছে কিয় বুলি প্ৰশ্ন কৰে ।
লগতে পঢ়ক : বদৰুদ্দিন আজমলে বিচাৰিলেই কংগ্ৰেছে এৰি নিদিয়ে বৰপেটাৰ পাঁচখন আসন