অসম

assam

Air Force Station Jorhat : যোৰহাট বায়ু সেনা ষ্টেচন পৰিদৰ্শন এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰৰ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 10:51 PM IST

এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ, ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে আজি অসমৰ এক মুখ্য পৰিবহন এয়াৰবেচ বায়ু সেনা ষ্টেচন যোৰহাট পৰিদৰ্শন কৰে ৷ 5 এয়াৰ ফৰ্চ হাস্পতালত নতুন আই চি ইউ আৰু অ’ টি চেণ্টাৰো উদ্বোধন কৰে তেওঁ ৷

AOC in C reviews Operational preparedness
যোৰহাট বায়ু সেনা ষ্টেচন পৰিদৰ্শন এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰৰ

তেজপুৰ, 8 ছেপ্টম্বৰ : এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰ, এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ, ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে আজি অসমৰ এক মুখ্য পৰিবহন এয়াৰবেচ বায়ু সেনা ষ্টেচন যোৰহাট পৰিদৰ্শন কৰে বুলি প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জানিবলৈ দিয়ে ৷

যোৰহাট বায়ু সেনা ষ্টেচন পৰিদৰ্শন এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰৰ

তেওঁক আদৰণি জনায় বায়ুসেনা ষ্টেচন যোৰহাটৰ এয়াৰ অফিচাৰ কমাণ্ডিং এয়াৰ ক’ম’ডৰ ভুৱন মাথুৰ আৰু ৫ এয়াৰ ফৰ্চ হস্পিতালৰ এয়াৰ অফিচাৰ কমাণ্ডিং এয়াৰ ক’ম’ডৰ সুনীল আগৰৱালাই ৷ এঅ' চি-ইন-চিক বেচটোৰ আন্তঃগাঁথনি উন্নয়নৰ কামৰ লগতে কাৰ্যকৰী প্ৰস্তুতিৰ স্থিতিৰ বিষয়ে অৱগত কৰা হয় ৷

যোৰহাট বায়ু সেনা ষ্টেচন পৰিদৰ্শন এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰৰ

5 এয়াৰ ফৰ্চ হাস্পতালত নতুন আই চি ইউ আৰু অ’ টি চেণ্টাৰো উদ্বোধন কৰে তেওঁ ৷ ভ্ৰমণৰ সময়ত তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ ইনষ্টলেশ্যন আৰু ফৰ্মেচন পৰিদৰ্শন কৰে ৷ ষ্টেচনৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত তেওঁ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ দিশত তেওঁলোকৰ অধ্যৱসায় আৰু নিষ্ঠাক স্বীকাৰ কৰে ৷ দেশৰ সেৱাত সকলো কাম হাতত ল’বলৈ সকলো কৰ্মীক শাৰীৰিকভাৱে সুস্থ আৰু মানসিকভাৱে সবল হৈ থাকিবলৈ আহ্বান জনায় এয়াৰ মাৰ্শ্বালে ৷

যোৰহাট বায়ু সেনা ষ্টেচন পৰিদৰ্শন এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকাৰৰ

ইয়াৰ পূৰ্বে তেওঁ তেজপুৰ বায়ুসেনা ষ্টেচন দুদিন ভ্ৰমণ কৰি ঘাটিটোৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ৷ অগ্নিবীৰ বায়ু আঁচনিৰ বিষয়ে মন্তব্য কৰি এয়াৰ মাৰ্শ্বালে কয় যে সু-প্ৰশিক্ষিত অগ্নিবীৰ বায়ু বায়ুসেনাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে আৰু তেওঁলোকক গ্ৰুমিং আৰু প্ৰশিক্ষণ দিয়াটো সকলো জ্যেষ্ঠ বায়ু সৈনিকৰ দায়িত্ব ৷

ষ্টেচনৰ কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰোঁতে তেওঁ তেওঁলোকক প্ৰযুক্তিগত উন্নতিৰ সৈতে তাল মিলাবলৈ আহ্বান জনায় আৰু তেওঁলোকৰ দক্ষতা বৃদ্ধি, দক্ষতা বজাই ৰখা আৰু অৰ্পণ কৰা সকলো ভূমিকাত উৎকৃষ্টতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ সকলো বায়ু সৈনিকক কাৰ্যকৰী প্ৰস্তুতিৰ বাবে শাৰীৰিকভাৱে সুস্থ আৰু মানসিকভাৱে সবল হৈ থাকিবলৈ আৰু যিকোনো সুৰক্ষা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সতৰ্ক থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :G20 Dinner Meet : জি২০ নৈশভোজলৈ আমন্ত্ৰণ নাপালে মল্লিকাৰ্জুন খাৰ্গেয়ে; গণতন্ত্ৰক হত্যা আখ্যা ভূপেশ বাঘেলৰ

ABOUT THE AUTHOR

...view details