অসম

assam

ETV Bharat / state

AGP Party Meet: লোকসভা নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰিবলৈ কঁকালত টঙালি অগপৰ - কৃষিমন্ত্ৰী অতুল বৰা

লোকসভা নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰাৰ লক্ষ্যৰে কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে ৷ কংগ্ৰেছক মূল শত্ৰুৰ আখ্যা কৃষিমন্ত্ৰী অতুল বৰাৰ (Minister Atul Bora slams congress) ৷

AGP Party Meet in Tezpur
লোকসভা নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰিবলৈ কঁকালত টঙালি অগপৰ

By

Published : Mar 26, 2023, 9:03 PM IST

লোকসভা নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰিবলৈ কঁকালত টঙালি অগপৰ

তেজপুৰ, ২৬ মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন (Lok Sabha election ) ৷ লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে (AGP Party Meet in Tezpur) । দেওবাৰে তেজপুৰত অগপৰ তেজপুৰ লোকসভাৰ সমষ্টিৰ এখন কৰ্মী সভা অনুষ্ঠিত কৰা হয় ৷ অসম চৰকাৰ কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা (Minister Atul Bora) আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta) এই সভাত উপস্থিত থাকে ৷

কৰ্মীসভাত ভাষণ প্ৰদান কৰি অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই কয় যে, বিৰোধী দল কংগ্ৰেছক লক্ষ্য কৰি কৰ্মীয়ে বুথ আৰু আঞ্চলিক পৰ্যায়ত মনোনিবেশ কৰিব লাগিব । অসম আন্দোলনৰ ফলস্বৰূপে অসম গণ পৰিষদৰ জন্ম হৈছিল(Minister Atul Bora slams congress) ৷ ১৯৮৫ চনত অসম আন্দোলনৰ পটভূমিত ৮৫৫ জন শ্বহীদৰ ত্যাগৰে গঠিত দলটোৱে বিগত সময়চোৱাত একাংশ জ্যেষ্ঠ দলীয় নেতাৰ ভুলৰ বাবে শাসনৰ গাদীৰ পৰা ক্ষমতাচ্যুত হৈছিল ৷ কংগ্ৰেছৰ অপশাসন, কংগ্ৰেছৰ দুৰ্নীতিৰ বাবে আজি ৰাজনৈতিক পৰিৱৰ্তন আহিল ৷ ক’ৰবাত সৰ্বভাৰতীয় দলৰ উত্থান হ’ল, ক’ৰবাত ৰাজনৈতিক দলৰ উত্থান হ’ল ৷ অগপক আমি পুনৰ শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো ৷

ইফালে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ সন্দৰ্ভত মন্ত্ৰী বৰাই (Minister Atul Bora on Rahul Gandhi) কয়, ৰাহুল গান্ধী অকল অপৰিপক্কই নহয় তেওঁ এজন অহংকাৰী নেতাও ৷ গান্ধী পৰিয়ালৰ যি অহংকাৰ সেইবাবেই আজি ৰাহুল গান্ধীৰ এই অৱস্থা হৈছে। কংগ্ৰেছত ৰাহুল গান্ধীৰ দৰে নেতা থকালৈকে কংগ্ৰেছৰ অৱস্থা ভাল নহ’ব ৷ সাধাৰণ জনতাৰ কাৰণে ৰাহুল গান্ধীয়েই কংগ্ৰেছৰ নেতা ৷ এতিয়াও কংগ্ৰেছৰ 29 শতাংশ লোক আছে, তাত আঘাত হানিব লাগিব আমি ৷ কংগ্ৰেছ আমাৰ মূল শত্ৰু ৷ কংগ্ৰেছ কেতিয়াও আমাৰ বন্ধু হ’ব নোৱাৰে বুলি উল্লেখ কৰে মন্ত্ৰী বৰাই ৷

এই কৰ্মীসভাৰ পাচত কৃষিমন্ত্ৰীগৰাকীৰ সাংবাদিকৰ আগত শেহতীয়াকৈ মাটিমাহৰ খেতিৰ নামত বিভাগটোত ৭ কোটি ২২ লাখ টকাৰ দুৰ্নীতি হোৱাৰ কথা অস্বীকাৰ কৰি খেতিয়কে সেই বীজ লাভ কৰাৰ কথা ব্যক্ত কৰে ৷ আনহাতে অগপৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta on Rahul Gandhi) ৰাহুল গান্ধীৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, এই ব্যৱস্থা আইন আৰু আদালতৰ ৷

তেজপুৰ লোকসভা সমষ্টিৰ অগপৰ এই সভাত পূৰ্বে হাৱাজানৰ পৰা পশ্চিমে বৰচলা সমষ্টিকে ধৰি প্রতিটো সমষ্টিৰ জিলা আৰু বুথ পৰ্যায়ৰ সমিতিয়ে অংশগ্ৰহণ কৰে । তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ তত্বাৱধানত প্ৰায় 5 হাজাৰৰো অধিক কৰ্মীয়ে এই সভাত অংশগ্ৰহণ কৰে । লগতে এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা, বিধায়ক ৰমেন ডেকা উপস্থিত থাকে ।

লগতে পঢ়ক:Book released Program: জোনাইত প্ৰেছ ক্লাৱৰ উদ্যোগত কাব্যপুথি উন্মোচন

ABOUT THE AUTHOR

...view details