ৰঙাপৰা, 28 ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক লৈ শাসকীয় গেৰুৱা দল বিজেপি, কংগ্ৰেছ,চি পি আই (এম) আদি ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ তাৰ মাজতেই শনিবাৰে ৰঙাপৰাত উপস্থিত হ'ল তেজপুৰ সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী আৰু অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত । মিত্ৰজোঁট তথা বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ হৈ দুয়োজন নেতাই ৰঙাপৰাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে উপস্থিত হয়। ৰঙাপৰাৰ এখন সাংগঠনিক সভাত দুয়োজন নেতাই অংশগ্ৰহণ কৰি অগপৰ সকলো দলীয় কৰ্মীকে মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ আহ্বান জনায় । ৰঙাপৰাৰ অসম কেশৰী প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত দলীয় কৰ্মী সভাত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীকে ধৰি কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰি সভাত উপস্থিত থকা কৰ্মী সকলক অগপৰ সাংগঠনিক ভেটি মজবুত কৰি আঞ্চলিকতাবাদী দলটোক ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান জনায় । আঞ্চলিকতাবাদ ৰাইজৰ মাজত জীয়াই আছে আৰু জীয়াই থাকিব । অসমত অগপৰ ভেটি সবল হৈ আছে আৰু কৰ্মী সকলে সক্ৰিয় ভাৱে কাম কৰি আছে বুলি উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই ।
ৰঙাপৰাত আৰম্ভ অগপৰ নিৰ্বাচনী কুচ-কাৱাজ - মিত্ৰজোঁট তথা বিজেপি
ৰঙাপৰাত উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহিল অগপৰ দুই নেতা বৃন্দাবন-কেশৱ ৷ মিত্ৰজোঁট তথা বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ হৈ দুয়োজন নেতাই ৰঙাপৰাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে অংশগ্ৰহণ কৰে এখন সাংগঠনিক সভাত ৷
ৰঙাপৰাত আৰম্ভ অগপৰ নিৰ্বাচনী কুচ-কাৱাজ
আনহাতে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে সকলো দলে প্ৰাৰ্থীত্ব দিয়াৰ পিছতহে প্ৰতিদ্বন্দিতাৰ ছবিখন স্পষ্ট হৈ পৰিব আৰু শেষ হাঁহি কোনে মাৰিব গম পোৱা যাব বুলি উল্লেখ কৰে ।