তেজপুৰ ,11 অক্টোবৰ : অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডি ভোটাৰ সকলক সাক্ষাৎ ৷ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে আজি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰাৰ লগতে কাৰাবন্দী লোক সকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে ৷ গৃহ তথা বিদেশী ন্যায়াধিকৰণৰ দায়িত্বত থকা বৰুৱাক কাৰাবন্দী লোক সকলে সোনকালে তেওঁলোকৰ মুক্তিৰ ব্যৱস্থা কৰি পৰিয়ালৰ সৈতে লগ পাবলৈ সুবিধা কৰি দিবৰ বাবে কৰিলে আবেদন ৷ অৱশ্যে ৰাজ্যৰ গৃহ সচিব গৰাকীয়ে জানিবলৈ দিয়া মতে, কাৰাদণ্ডৰ ২ বছৰ ম্যাদ উকলি যোৱাৰ পিছতহে তেওঁলোকৰ মুক্তি সম্ভৱ হ’ব ।
ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবে পৰিদৰ্শন কৰিলে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ - আৰক্ষী অধীক্ষক
অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন ৷ কাৰাগাৰৰ কাৰাবন্দী তথা ডি ভোটাৰ লোক সকলক বৰুৱাৰ সাক্ষাৎ ৷ সোনকালে মুক্তিৰ ব্যৱস্থা কৰি দিবৰ বাবে অতিৰিক্ত মুখ্য সচিব গৰাকীক আবেদন জনালে কাৰাবন্দী ডি ভোটাৰ লোকসকলে ৷
ইফালে কাৰাগাৰৰ জেইলাৰ ৰাজু কুমাৰ চৌধুৰীয়ে জনাই যে পৰিয়ালবৰ্গৰ সৈতে কাৰাগাৰৰ পৰা ফোন যোগে কথা পাতিবৰ বাবে জেলৰ বিষয়াই ব্যৱস্থা কৰিছে ৷ গৃহ সচিব বৰুৱাই কাৰাগাৰত থকা শিশু সকলৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে কাৰাগাৰত প্ৰদান কৰা খাদ্যৰ প্ৰণালী আৰু সুষম আহাৰৰ ব্যৱস্থাৰ বিষয়ে নিৰীক্ষণ কৰে আৰু সন্তুষ্টি প্ৰকাশ কৰে । গৃহ সচিব গৰাকীৰ লগত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক মুগ্ধ জ্যোতি দেৱ মহন্ত আৰু জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক :SI কেলেংকাৰী প্ৰসংগঃ ৰঙাপৰাত আটক আৰু এজন