অসম

assam

ETV Bharat / state

AAP Press Meet: তেজপুৰত আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক; বিৰোধীৰ লগত একত্ৰিত নহয় আপ - AAP Assam State Committee

তেজপুৰত দেওবাৰে অনুষ্ঠিত হয় আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ ভূপেন বৰাৰ নেতৃত্বাধীন ৰাজ্যৰ 11 টা বিৰোধী ৰাজনৈতিক জোঁটত আপ নাথাকে বুলি স্পষ্ট কৰি পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনলৈ দলটো সাজু হৈছে বুলি কয় আপৰ ৰাজ্যিক নেতৃত্বই ৷

AAP Assam State Committee Press Meet in Tezpur
আপৰ সংবাদমেল

By

Published : Jul 3, 2023, 11:53 AM IST

তেজপুৰত আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

তেজপুৰ, 3 জুলাই: আগন্তুক লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা আতঁৰাবলৈ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহে যি জোঁটবন্ধনৰ কুচকাৱাজ কৰিছে, এই বিৰোধী গোটত আপ নথকাৰ উপৰিও ৰাজ্যৰ বিৰোধী জোঁটৰ তিনি গগৈ সন্দৰ্ভতো বিষোদগাৰ প্ৰকাশ কৰিছে আপে ৷ উল্লেখযোগ্য যে, তেজপুৰত দেওবাৰে অনুষ্ঠিত হয় আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ এই সভাৰ শেষত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আপৰ ৰাজ্যিক বিষয়ববীয়াই ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বাধীন ৰাজ্যৰ 11 টা বিৰোধী ৰাজনৈতিক জোঁটত আপ নাথাকে বুলি স্পষ্ট কৰি পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনলৈ দলটো সাজু হৈছে বুলি কয় আপৰ ৰাজ্যিক নেতৃত্বই ৷ ইফালে ব্যক্তিগত প্ৰতিষ্ঠানক দীঘলীপুখুৰী হস্তান্তৰৰ বিষয়টো পোহৰলৈ অনা আম আদমি পাৰ্টিৰ ৰাজ্যিক নেতা জিতুল ডেকাই এই প্ৰসংগত পুনৰবাৰ সৰৱ হৈ পৰে তেজপুৰত ৷

তেজপুৰৰ কেতেকীবাৰীত দেওবাৰে অনুষ্ঠিত হোৱা আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অন্তত সংবাদমেল সম্বোধন কৰি আপৰ নেতা জিতুল ডেকায়ে কয় যে, এপদ এপদকৈ চৰকাৰী সম্পদ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখন ৷ তেজপুৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে আম আদমি পাৰ্টিয়ে ৷ মূলতঃ আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই প্ৰস্তাৱ সমূহ সিদ্ধান্ত আকাৰে গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি দলটোৰ ৰাজ্যিক সভাপতি ড৹ ভৱেন শৰ্মাই কয়, বিজেপি বিৰোধী যি 11 টা ৰাজনৈতিক শক্তি একত্ৰিত হৈছে, তাত আপ নাথাকে ৷ কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰি অসমৰ ৰাইজে বিজেপিক আদৰি লৈছিল আৰু এতিয়া ৰাইজে তৃতীয় বিকল্পক বিচাৰিছে ৷ তেনেস্থলত বিজেপি-কংগ্ৰেছ বিৰোধী তৃতীয় বিকল্প হিচাপে আম আদমি পাৰ্টিয়ে নিজকে দাবী কৰি তেওঁলোককে ৰাইজে এইবাৰ সমৰ্থন আগবঢ়াব বুলি উল্লেখ কৰে ৷

একেদৰে, দলটোৰ উত্তৰ-পূৱৰ প্ৰভাৰী ৰাজেশ চৌধুৰীয়েও বিজেপিৰ অপশাসনৰ কথা উল্লেখ কৰি তেওঁলোকে আগন্তুক দুয়োটা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে বুলি কয় ৷ আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পোৱা মূহুৰ্ততে আপৰ 16 জনীয়া এখন তদাৰক কমিটি তেজপুৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকতে গঠন কৰা হয় ৷ লগতে দলটোৰ উপ-সভাপতি কমল কুমাৰ মেধিয়ে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ একেলগ হোৱা সন্দৰ্ভত কটাক্ষ কৰে যে, তিনি গগৈ কি, তিনিশজন গগৈ একত্ৰিত হ’লেও তেওঁলোক এইবাৰ শোচনীয়ভাৱে পৰাজয়ৰ সন্মুখীন হ’ব ৷

লগতে পঢ়ক:Opposition Unity in Assam: বিৰোধী একগোট হ’লেও ভয় নকৰো, ৰাইজে সিদ্ধান্ত ল’ব; কামাখ্যা প্ৰসাদ তাছা

ABOUT THE AUTHOR

...view details