শোণিতপুৰ, ২৮ মাৰ্চঃ বৃহস্পতিবাৰে শোণিতপুৰৰ জীয়া ভৰলী নদীত উদ্ধাৰ হয় এটা আঢ়ৈমহীয়া বনৰীয়া হাতী পোৱালী । বনৰীয়া হাতীৰ এটা জাকে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰিবলৈ আহি উদ্যানখনৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নৈখন পাৰ হোৱাৰ সময়তে কনমানি হাতী পোৱালিটো পানীত পৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰে বনবিভাগৰ লোকে । পাছত হাতীপোৱালিটোক পানীত উপঙি থকা অৱস্থাত বনবিভাগৰ লোকে প্ৰত্যক্ষ কৰে আৰু পোৱালিটোক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।
শোণিতপুৰত জীয়া ভৰলীত উদ্ধাৰ আঢ়ৈমহীয়া বনৰীয়া হাতী পোৱালী - হাতী পোৱালী
উদ্ধাৰৰ পাচত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ পোৱালিটোক
শোণিতপুৰত উদ্ধাৰ আঢ়ৈমহীয়া বনৰীয়া হাতী পোৱালী
চিকিৎসা প্ৰদানৰ পাছত সুস্থ হৈ উঠা হাতীপোৱালিটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰীত থকা বন্যপ্ৰাণীপুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।